মৰিগাঁও,4 এপ্ৰিল: ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিবাদ আৰু নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনাৰ পাচত অৱশেষত শনিবাৰে ফৰেণচিক পৰীক্ষাগাৰলৈ কণ্ঠ পৰীক্ষাৰ বাবে পঠিওৱা হয় মন্ত্ৰী পীযুষ হাজৰিকাৰ ম’বাইল ৷ সাংবাদিক তুলসী মান্তা আৰু মন্ত্ৰী হাজৰিকাৰ ব্যক্তিগত সহায়কৰ ম’বাইলটো জব্দ কৰে জাগীৰোড আৰক্ষীয়ে ৷
জানিব পৰা মতে, আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনাৰ পাচত ক্ষীপ্ৰতাৰে সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাই জাগীৰোড আৰক্ষী থানাত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে নিৰ্বাচন আয়োগ আৰু আৰক্ষীৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই সাংবাদিক নজৰুল ইছলাম ম’বাইলটো বাজেয়াপ্ত কৰি সংশ্লিষ্ট সকলো নথি-পত্ৰ প্ৰেৰণ কৰে ।
মন কৰিবলগীয়া যে, জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাই নিৰ্বাচন আয়োগক ভুল পথৰে পৰিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । কাৰ্যতঃ মন্ত্ৰী পীযুষ হাজৰিকাক থানাত উপস্থিত হোৱাৰ বাবে প্ৰেৰণ কৰা জাননী ভুল বুলি কৈ পুনৰ নিৰ্দিষ্ট বান্ধি দিয়া সময় অনুসৰি উপস্থিত থকাতো জৰুৰী বুলি জাননী জাৰি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ পাচতে মন্ত্ৰী হাজৰিকাই সাংবাদিক দুগৰাকীক ভাবুকি দিয়াৰ সময়ত ব্যৱহাৰ কৰা ম’বাইল জব্দ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : অৱশেষত বাসগৃহত উপস্থিত আলফাৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ