মৰিগাঁও, 30 ছেপ্তেম্বৰ : মৰিগাঁৱৰ কুশতলীত ৰহস্যজনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ । ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে লাহৰীঘাট থানাৰ অন্তৰ্গত কুশতলী গাঁৱৰ নৰকান্ত দেউৰীৰ ঘৰৰ তাঁতশালত চীপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ আঁঠু কাঢ়ি মৃতদেহটোৰ সোঁ ভৰিখন তেজেৰে লুতুৰি পুতুৰি হৈ আছিল ৷
স্থানীয় লোকে সন্দেহ কৰা অনুসৰি, যুৱকজনক মাৰপিট কৰাৰ পাচত হত্যা কৰি তাঁতশালত ওলমাই থৈ গৈছে হত্যাকাৰীয়ে । মৃত যুৱকজনৰ নাম ছিং দেউৰী । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । স্থানীয় গাঁওবুঢ়াৰ মতে এয়া এক হত্যাকাণ্ড যদিও হত্যাকাৰীয়ে আত্মহত্যাৰ ৰূপ দিছে ।
লগতে পঢ়ক : বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত