মৰিগাঁও, 9 ডিচেম্বৰঃ কেব বিৰোধী আন্দোলনৰ মাজতে মৰিগাঁৱত ভয়ংকৰ ঘটনা ৷ প্ৰতিবাদ কৰিবলৈ আহি অগ্নিদগ্ধ হয় এজন ছাত্ৰ ৷ প্ৰতীকী জ্বলাবলৈ জো-যা চলাওঁতেই গাত জুই লাগে ছাত্ৰজনৰ ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে কেবৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ কৰি দাহ কৰিব খুজিছিল প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ৷ সেই সময়তে ভৈৰৱ ডেকা নামৰ ছাত্ৰজন অগ্নিদগ্ধ হয় ৷ ততাতৈয়াকৈ ছাত্ৰজনক ভৰ্তি কৰোৱা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৷
আৰু পঢ়কঃ যোৰহাটত গণসত্যাগ্ৰহ, বিধেয়ক বিৰোধিতাৰে উভতাই আনিছে ৮৩ৰ পৰিৱেশ