ETV Bharat / state

চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত মৰিগাঁৱত দুৰ্নীতি ! - সব কা সাথ সব কা বিকাশ

মৰিগাঁৱত চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠন। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত চলিছে ঠিকাদাৰৰ এই লুন্ঠন। বছৰ বছৰ ধৰি আধৰুৱা হৈ পৰি ৰ’ল বহু হিতাধিকাৰীৰ আৱাস গৃহ নিৰ্মাণৰ কাম। নিৰৱ ভূমিকাত লাহৰীঘাটৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি জিলা প্ৰশাসন।

morigaon pmay scam
মৰিগাঁৱত প্ৰধান মন্ত্ৰী আবাস গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Oct 4, 2020, 9:59 AM IST

মৰিগাঁও, 4 অক্টোবৰঃ মৰিগাঁৱৰ বৰালিমাৰী পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত ঠিকাদাৰৰ মইমটালী। অশ্লীল তথা অভব্য আচৰণ কৰি হিতাধিকাৰীক ভাবুকি দি আত্মসাৎ কৰিছে আঁচনিৰ ধন । ’সব কা সাথ সব কা বিকাশ’ শ্ল'গান এতিয়া বোমেৰাং হৈ পৰা দেখিবলৈ পোৱা গৈছে লাহৰীঘাট উন্নয়ন খণ্ডৰ বৰালিমাৰী পঞ্চায়তত। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ পঞ্চায়তটোৰ জনপ্ৰতিনিধিৰ ওপৰত ।

morigaon pmay scam
মৰিগাঁৱত প্ৰধান মন্ত্ৰী আবাস গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

২০১৮-১৯ বৰ্ষত চামিৰুল নেচাৰ নামত আৱণ্টন দিয়া হৈছিল প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধিনত এটা ঘৰ। সৰ্বহাৰা মহিলা গৰাকীৰ ঘৰত কোনো মানুহ নথকাৰ সু-যোগ গ্ৰহণ কৰি প্ৰতিবেশী মইনুদ্দিন নামৰ ব্যক্তি এজনে ঘৰটোৰ নিৰ্মাণৰ বাবে লৈছিল ঠিকা। দুটা কৃষ্টিৰ ধন সৰকাই কেৱল খুটা কেইটা গাঠি পেলাই থলে ঘৰটোৰ নিৰ্মাণৰ কাম। ইপিনে নতুন ঘৰ পোৱাৰ আশাত পুৰণি ঘৰটো ভাঙি ৰুগীয়া মহিলা গৰাকীয়ে আনৰ ঘৰৰ বাৰাণ্ডাতে লৈছিল আশ্ৰয় । কিন্তু দুটাকৈ কৃষ্টিৰ ধন সৰকাই মইনুদ্দিনে পেলাই থৈছে ঘৰটোৰ নিৰ্মাণৰ কাম। ইয়াকে ক’বলৈ যাওঁতে ভুুক্তভোগী ৰোগীয়া মহিলা গৰাকীক অশ্লীল বাক্য বাণেৰে অপদস্থ কৰাৰ অভিযোগ মইনুদ্দিনৰ বিৰুদ্ধে। সম্প্ৰতি পুৰণি ঘৰটো ভাঙি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আচনিৰ ঘৰ পোৱাৰ আশাত গৃহহাৰা হ’ল ৰোগীয়া মহিলা গৰাকী।

উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাটোত বিজেপিৰ দখলত থকা বৰালিমাৰী গাঁও পঞ্চায়তৰ সভাপতি ,সম্পাদক দুয়ো জড়িত থকাৰ অভিযোগ উঠিছে ৷ এতিয়া প্ৰশ্ন হয় কাৰ নেতৃত্বত এনেদৰে মুকলি কৈ লুণ্ঠন চলাবলৈ সুযোগ পাইছে এই সকল জনপ্ৰতিনিধি তথা ঠিকাদাৰে ৷ বিষয়টোৰ প্ৰসংগত জিলা প্ৰশাসনে উচিত তদন্তৰে দোষীক চিনাক্ত কৰি শাস্তি বিহাৰ লগতে হিতাধীকাৰী দুৰ্ভগীয়া মহিলা গৰাকীক তেওঁৰ নামত আবন্তিত গৃহটি সম্পূৰ্ণ ৰূপত নিমাণ কৰি থকাৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ গহপুৰৰ হেলেমত নিজ পত্নীক মৰিয়াই হত্যা স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.