ETV Bharat / state

অজিত ভূঞাক অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে: পীযুষ হাজৰিকা

author img

By

Published : Oct 23, 2020, 6:41 AM IST

ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা আৰু আজমল সন্দৰ্ভত সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা ৷ অজিত দাক আজি অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে। তেওঁ নক'বলগীয়া সকলো কথা কৈ দিলে ।

আজমল কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে : পীযুষ হাজৰিকা

মৰিগাঁও, 23 অক্টোবৰ : ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই আজমলক মুখ্যমন্ত্ৰী পতা লেখীয়া বিষয়ৰ পৰা আঁতৰি থাকিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ অজিত ভূঞাৰ সৈতে হাজৰিকাৰ ব্যক্তিগত সম্বন্ধ খুবেই ভাল যদিও আজমলক মুখ্যমন্ত্ৰী পতা আদি কথাত কেতিয়াও সমৰ্থন নকৰে হাজৰিকাই ৷

হাজৰিকাই কয় যে,মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও অসম নৱ প্ৰজন্মৰ ভৱিষ্যত বেয়া হোৱা কাম কৰা নাই উদ্ভট আচৰণ কৰা নাই আৰু নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বদৰুদ্দিন আজমল বা আজমল বাহিনীক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি কোৱা নাই। সেয়ে মুখ্যমন্ত্ৰীৰ প্ৰসংগ ইয়াত নাহে ।

বৃহস্পতিবাৰে মৰিগাঁৱৰ আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত হাজৰিকাই কয় যে অজিত ভূঞাই মৌলানা বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী কিয় হ'ব নোৱাৰে বুলি কৰা মন্তব্য অদ্ভুত। তেওঁ কয় যে অজিত দা মই অবিবাহিত বুলি কৈছো মই অসংবিধানিক শব্দ ব্যৱহাৰ কৰা নাই । অজিত দাক আজি অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে। তেওঁ নক'বলগীয়া সকলো কথা কৈ দিলে । অজিত দাৰ সৈতে মোৰ ব্যক্তিগত সম্পৰ্ক ভাল। সেয়ে হ'লেও তেওঁ যদি আজমল মুখ্যমন্ত্ৰী হ'ব লাগে বুলি মন্তব্য কৰে তেতিয়া হ'লে মই তাৰ সদায় বিৰোধিতা কৰি যাম। তেওঁ কেনেকৈ সাংসদ হ'ল মই জানো। এই বিষয়ে মই এতিয়া নকও।

উল্লেখযোগ্য যে মন্ত্ৰী পীয়ূষ হাজৰিকাই কা বিৰোধী আন্দোলনক তথাকথিত আন্দোলন আখ্যা দি কয় যে এই আন্দোলনটো আছিল সম্পূৰ্ণ ব্যক্তিগত,নেতাসকলে সকলোৱে আত্মসহায়ক গোট খুলি লৈছে । সকলোৱে বিধায়ক হ'ব খুজিছে ।

আনহাতে জাগীৰোড সমষ্টিৰ বিধায়ক পদ এৰাৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকা মন্তব্য,কাৰো অনুগ্ৰহত আমি বিধায়ক হোৱা নাই । দলে যদি টিকট দিয়ে বা সমষ্টিবাসীয়ে যদি বিচাৰে কোনেও ৰাখিব নোৱাৰে। আনহাতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাজৰিকাই ৷

লগতে পঢ়ক : আৰক্ষীৰ জেৰাত গো-মাফিয়াৰ ভয়ংকৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.