ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে মায়ঙত - mayong

জাগীৰোডত আগ্ৰাসী ৰূপত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । খহনীয়াত জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি ৷ চৰকাৰ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক এই খহনীয়া ৰোধৰ ব্যৱস্থা কৰি ভূক্তভোগী ৰাইজক ৰক্ষা কৰাৰ অনুৰোধ জনাইছে ৷

morigaon-massive-erosion-at-mayong
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কাল ৰূপ ধাৰণ কৰিছে মায়ঙত
author img

By

Published : May 26, 2021, 3:56 PM IST

মৰিগাওঁ, 26 মে’ : মায়ঙৰ পাভকাটি, লেহপটিত ব্ৰহ্মপুত্ৰৰ নৈৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ দিশে মায়ঙৰ বহু কেইটা অঞ্চল । প্ৰতি বছৰেই বাৰিষা অহাৰ লগে লগেই ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত অঞ্চলটোৰ বহু লোকৰ ঘৰ-বাৰী, খেতি-পথাৰ ব্ৰহ্মপুত্ৰৰ বুকুত নিঃচিহ্ন হয় ।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কাল ৰূপ ধাৰণ কৰিছে মায়ঙত

এই পৰিপ্ৰেক্ষিতত নিৰাপদ স্থান বিচাৰি নিজ ভূমি এৰি আন ঠাইলৈ যাবলগীয়া হৈছে বহু লোক । খহনীয়াত জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি । যাৰ বাবে কৃষকে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে । গৃহহাৰা হৈছে শ-শ পৰিয়াল । কিন্তু এই অৱস্থাৰ খবৰ ল’বলৈ চৰকাৰী বিষয়া তথা জন প্ৰতিনিধিৰ আহৰি নাই বুলি অভিযোগ কৰিছে একাংশ ৰাইজে ।

সন্মুখত আহি আছে ভৰ বাৰিষা । প্ৰাক বাৰিষাৰ প্ৰতি দিনেই এনেদৰে ব্ৰহ্মপুত্ৰই খহনীয়া আৰম্ভ কৰাত পুনৰবাৰ আতংকিত কৰিছে মৰিগাঁও জিলাৰ পাভকাটি, লেহপটি গাওঁ বাসীক । চৰকাৰ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক খহনীয়া ৰোধৰ ব্যৱস্থা কৰি ভূক্তভোগী ৰাইজক ৰক্ষা কৰাৰ অনুৰোধ জনাইছে ৷ পৰৱৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে কেনেধৰণৰ দীৰ্ঘম্যাদি পদক্ষেপ লৈ মায়ং-পকৰীয়া মৌজা ৰাইজৰ বিননি দূৰ কৰিব সেইয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : ৰাজ্যত 5 জুনলৈ বৃদ্ধি সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.