ETV Bharat / state

মৰিগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

author img

By

Published : Jul 29, 2020, 9:34 AM IST

মৰিগাঁও চহৰৰ অলিয়ে গলিয়ে এতিয়া অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ অভিয়ানত জব্দ বৃহৎ পৰিমাণৰ সুৰা ৷ পলায়ন অবৈধ সুৰা ব্যৱসায়ী

morigaon-forien-wine-seized-by-police
মৰিগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

মৰিগাঁও,29জুলাইঃ মৰিগাঁও জিলাত এতিয়া সহজ লভ্য হৈ পৰিছে সুৰা ৷ মৰিগাঁও চহৰৰ হোটেল, গেলামাল, পাণ-তামোল,মণিহাৰী আদি প্ৰায়সমূহ দোকানতে এতিয়া উপলদ্ধ বিলাতী সুৰা । মঙলবাৰে নিশা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে এক অভিযান চলায় ।

জিলাখনৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কুশতলি চাৰিআলিত জীৱন বৰদলৈৰ আৰু জয়ন্ত বৰদলৈৰ নামৰ দুই অসাধু ব্যৱসায়ীৰ হোটেল আৰু মণিহাৰী দোকানত অভিয়ান চলায় ৷

morigaon-forien-wine-seized-by-police
মৰিগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ইপিনে আৰক্ষীয়ে অভিযান চলোৱাৰ খবৰ পাই দুই অসাধু ব্যৱসায়ীয়ে পলায়ন কৰে যদিও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ উত্থাপিত অভিযোগ মতে, মৰিগাঁও জিলাৰ উক্ত অঞ্চলত দীৰ্ঘদিনধৰি অবৈধ ভাৱে প্ৰচলন হৈ আছিল বিলাতী সুৰাৰ বেহা । যাৰ ফলত আৰক্ষীক অঞ্চলটোৰ সামাজিক পৰিৱেশৰ বিনষ্ট হোৱাৰ অভিযোগ কৰি আহিছিল স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ নগাঁৱত কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ ই-ৰিক্সা চালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.