মৰিগাঁও, 3 আগষ্ট : মৰিগাঁও জিলা কৃষিবিভাগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আচনিত ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি কোটি টকীয়া লুন্ঠনৰ পোহাৰ মেলিছে কৃষি বিষয়াই ৷ অভিযোগ অনুসৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিক ভৰিৰে মোহাৰি জিলা কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্যৰ নেতৃত্বত কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰা আৰু আন সহযোগীৰ বিৰুদ্ধে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গঢ় লৈছে ব্যাপক দুৰ্নীতি ৷ বৈশ্য বাহিনীয়ে গোপনে পাচৱৰ্ড সলনি কৰি ২৬০০০ ভুৱা কৃষকৰ নাম পঞ্জীয়ন কৰি ৰাজকোষৰ পৰা উলিয়াই নিয়াৰ বাবে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাৰ অভিযোগ উঠিছে ৷ জিলাখনৰ মায়ং,ধিং,মৈৰাবাৰী,ভুৰাগাঁও,লাহৰীঘাট আদিৰ অঞ্চলত বহু ভুৱা হিতাধিকাৰী পঞ্জীয়ন কৰা হৈছে ৷ আনকি গাঁৱত বাস নকৰা বসতি মানুহৰ নামও পঞ্জীয়ন হৈছে হিতাধিকাৰী তালিকাত ৷ এই বৃহৎ অংকৰ দুৰ্নীতি ফাদিল হোৱাৰ পাছত ঘটনা সন্দৰ্ভত গোচৰ কৃষি বিষয়া মনোজ বৈশ্যৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৷
মৰিগাঁৱত কৃষি বিভাগৰ ব্যাপক দুৰ্নীতি! - agriculture department
প্ৰধানমন্ত্ৰী কিচান সন্মান নিধি আচনিৰ হিতাধিকাৰী পঞ্জীয়নত ব্যাপক অনিয়মৰ অভিযোগ ৷ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াৰ নেতৃত্বত চলিছে কোটি টকা হৰলুকিৰ অভিসন্ধি ৷
মৰিগাঁও, 3 আগষ্ট : মৰিগাঁও জিলা কৃষিবিভাগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আচনিত ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি কোটি টকীয়া লুন্ঠনৰ পোহাৰ মেলিছে কৃষি বিষয়াই ৷ অভিযোগ অনুসৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিক ভৰিৰে মোহাৰি জিলা কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্যৰ নেতৃত্বত কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰা আৰু আন সহযোগীৰ বিৰুদ্ধে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গঢ় লৈছে ব্যাপক দুৰ্নীতি ৷ বৈশ্য বাহিনীয়ে গোপনে পাচৱৰ্ড সলনি কৰি ২৬০০০ ভুৱা কৃষকৰ নাম পঞ্জীয়ন কৰি ৰাজকোষৰ পৰা উলিয়াই নিয়াৰ বাবে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাৰ অভিযোগ উঠিছে ৷ জিলাখনৰ মায়ং,ধিং,মৈৰাবাৰী,ভুৰাগাঁও,লাহৰীঘাট আদিৰ অঞ্চলত বহু ভুৱা হিতাধিকাৰী পঞ্জীয়ন কৰা হৈছে ৷ আনকি গাঁৱত বাস নকৰা বসতি মানুহৰ নামও পঞ্জীয়ন হৈছে হিতাধিকাৰী তালিকাত ৷ এই বৃহৎ অংকৰ দুৰ্নীতি ফাদিল হোৱাৰ পাছত ঘটনা সন্দৰ্ভত গোচৰ কৃষি বিষয়া মনোজ বৈশ্যৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৷
মৰিগাঁও জিলা কৃষিবিভাগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আচনিত ভুৱা হিতাধিকাৰীৰ নামত কোটিটকীয়া হৰলুকিৰ অভিসন্ধি কৃষি বিষয়াৰ।পৃথকে পৃথকে গোচৰ ৰুজু। চি এম ভিজিলেন্সৰ দ্বাৰা তদন্তৰ দাবী। ৰঙাঘৰত সোমাবনে মাষ্টাৰ মাইণ্ড মনোজ বৈশ্য আৰু কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰা। তদন্তৰ আওতালৈ আহিবনে জিলাকৃষি বিষয়া সৰুজ কলিতা। এইসন্দৰ্ভত ইটিভি ভাৰতৰ প্ৰথমখন প্ৰতিবেদন।
Body: মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দূৰ্নীতিৰ শূন্যসহনশীলতাক ভৰিৰে মোহাৰি মৰিগাঁও জিলা কৃষি বিষয়াৰ চৰকাৰী ধন হৰলুকিৰ ব্লুপ্ৰিণ্ট। ব্লুপ্ৰিণ্টৰ মাষ্টাৰ মাইণ্ড এইজন কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্য। (চশশ্মা পৰিহৃত) হয় ।এইজন মৰিগাঁও জিলা জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্য।চৰকাৰী আচনি ধন দেখিলেই ন ন কৌশলৰে ধন হৰলুকি কৰাত সিদ্ধহস্ত এইজনৰ নেতৃত্বত কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰাৰ লগতে আন সহযোগীয়ে মৰিগাঁও এই টো জিলা কাৰ্যালয়ত সংঘটিত কৰিছে কোটি টকা। উত্থাপিত অভিযোগ মতে জিলা কৃষি বিষয়া সৰুজ কলিতাৰ ছত্ৰছায়াত আৰু এইজন মনোজ বৈশ্যৰ নিৰ্দ্দেশত কম্পিউটাৰ অপাৰেটৰ অমল আৰু সহযোগী কেইটাই কম্পিউটাৰ গোপন সূচ্যাংক বিক্ৰী কৰি অতিৰিক্ত ২৬০০০ ভূৱা কৃষকৰ নাম পঞ্জীয়ন কৰি চিএছ পিৰ জৰিয়তে কোটিটকাৰ ৰাজকোষৰ পৰা উলিয়াই নিয়াৰ বাবে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰে। (অৱশ্যে এওলোকৰ মতে ৮৮ লাখ)।byte:1. complainers
অভিযোগ কাৰীসকলে দাবী কৰা মতে জিলা কৃষি বিষয়া সৰুজ কলিতা,কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্য আৰু কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰাই জিলাখনৰ মায়ং, ধিং,মৈৰাবাৰী,ভুৰাগাঁও,লাহৰীঘাট আদিৰ অঞ্চলত ভূৱা হিতাধিকাৰী পঞ্জীয়ন কৰিছে।আনকি মায়ং ৰাজহচক্ৰৰ কোৰাণিবড়ী গাঁৱত বসতি নকৰা মানুহৰ নাম ভূৱা তালিকাৰ তৈয়াৰ কৰিছিল। byte:2..complainers
মৰিগাঁৱৰ এইসকল অভিযোগ কাৰীয়ে ইতিমধ্যে দাখিল কৰিছে অভিযোগ।এওঁ লোকৰ দাবী ইয়াৰ উচিত তদন্ত হব লাগে আৰু মুখ্য মন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰি উচিত শাস্তি দিব লাগে।byte:3.complainer.
ইফালে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা আঁতৰত আছে ৰহস্যৰ আৰ্বতত থকা জিলা কৃষি বিষয়া সৰুজ কলিতা। সেয়েহলেও ইটিভি ভাৰতৰ কেমেৰাত বন্দী হল কোটিকীয়া হৰলুকিৰ মাষ্টাৰ মাইণ্ড মনোজ বৈশ্য। সমগ্ৰ বিষয় স্বীকাৰ ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত।পিছে এইজনৰ মতে বিভাগৰ নিদিষ্ট তাৰিখলৈ জিলাখনৰ পঞ্জীয়ন ভূক্ত কৃষকৰসংখ্যা ১,১৬,৬৯১ গৰাকী আনহাতে ভূৱা হিতাধিকাৰীৰ সংখ্যা ১৯,৮২১জন। প্ৰতিজন কৃষকক ৬০০০ টকাকৈ দিলে ১৯৮২১ গৰাকী কৃষকৰ বিপৰীতে হয়গৈ ১১৮,৯২,৬০০০/- টকা। মনকৰিবলগীয়া যে এই বৃহত অংকৰ দূনীতিৰ ফাদিল হোৱাৰ পাছত এইগৰাকী মনোজ বৈশ্যই তৰিছে গোচৰ। byte:ADO, monuj baishya.
তাৎপৰ্যপূৰ্ণ এয়ে এই সন্দৰ্ভত জিলা কৃষি বিষয়া সৰুজ কলিতাৰ গা এৰা মনোভাৱে বহু প্ৰশ্ন উদয় কৰিছে।ধৰা পৰিবনে এই কোটিটকীয়া দূৰ্নীতিৰ মাষ্টাৰ মাইণ্ড। ৰঙাঘৰত সোমাব নে কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰা। তদন্তৰ আওতালৈ আহিব নে জিলা কৃষি বিষয়া সৰুজ কলিতা।
প্ৰতিবেদন-২ অপ্ৰেক্ষা
Conclusion:ratul deka.etvbharat.morigaon.