মৰিগাঁও, ২৫ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী বিধেয়ক গৃহীত কৰাৰ প্ৰতিবাদত মৰিগাঁৱত অব্যাহত আছে আছুৰ প্ৰতিবাদ । শুক্ৰবাৰেও আছুৰ প্ৰতিবাদত উত্তাল হ'ল মৰিগাঁও চহৰ। মৰিগাঁও সদৰৰ আছুৰ গোটে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গৃহীত কৰিব বিচৰা কৃষক বিৰোধী বিধেয়ক বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী ছাত্ৰ কৰ্মীসকলে হাতে হাতে কৃষক বিৰোধী আইন খনৰ প্ৰতিলিপিৰ প্ৰতীকি ৰূপক দাহ কৰি এই আইন কোনো কাৰণতে মানি লোৱা নহব বুলি সকীয়াই দি কয় যে যদিহে চৰকাৰে এই বিধেয়ক আইনত পৰিণত কৰে তেতিয়া ছাত্ৰ সন্থাই কোনো কাৰণতে নিশ্চুপ হৈ বহি নাথাকে।
লগতে পঢ়ক:আছুৰ নেতৃত্বত ৰাজ্যজুৰি জ্বলিল কৃষি বিধেয়কৰ প্ৰতিলিপি