মৰিগাঁও, 13 জানুৱাৰী: মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিট(Ramakanta Deuri sudden visit) মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীৰ(MLA Ramakanta Deuri) ৷ কিন্তু কাৰ্যালয়ত উপস্থিত হৈয়েই অগ্নিশৰ্মা হৈ পৰিল বিধায়কগৰাকী ৷ বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট বিধায়ক ৰমাকান্ত দেউৰী ৷
জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈয়েই শিক্ষা বিষয়াক জবাবদিহি কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ উল্লেখ্য যে, মৰিগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ৰঙাদৰিয়া আৰু বৰিগাঁৱত দুখন পাঁচশ মিটাৰ দূৰত্বত থকা বিদ্যালয় একত্ৰিকৰণ বাবে আৱেদন জনাইছিল বিধায়কগৰাকীয়ে। কিন্তু শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে বিধায়কগৰাকীৰ কথা অগ্ৰাহ্য কৰি তিনি কিলোমিটাৰ দূৰত্বত থকা হাবি বৰঙাবাৰী মাধ্যমিক বিদ্যালয় আৰু বৰিগাঁও ছোৱালী মাধ্যমিক বিদ্যালয় একত্ৰীকৰণ কৰে(School amalgamation in Morigaon) । ইয়াৰ পিছতেই খৰ্গহস্ত হৈ পৰিল ৰমাকান্ত দেউৰী ৷
ইয়াৰোপৰি শিক্ষা বিষয়া কাৰ্যালয়ৰ বৈশ্য উপাধিৰ এগৰাকী কৰ্মচাৰীয়ে ৰমাকান্ত দেউৰীয়ে কলেও নহ'ব বুলি কোৱাত জিলা শিক্ষা বিষয়া বুলি গগৈৰ সন্মুখত ক্ষোভ উজাৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷
বিধায়ক ৰমাকান্ত দেউৰীয়ে একত্ৰিকত কৰা বিদ্যালয় কেইখনৰ দূৰত্ব মাপ কৰি অহা বুলি কৈ শিক্ষা বিষয়াগৰাকীক জবাবদিহি কৰে(district primary education officer) । আনহাতে শিক্ষা বিষয়াগৰাকীয়ে বিধায়ক ৰমাকান্ত দেউৰীক একত্ৰিকৰণৰ কেতবোৰ নীতি নিয়ম মতে তথা মানবিশিষ্ট বিদ্যালয়খনৰ সৈতে উক্ত বিদ্যালয়খন একত্ৰিকৰণ কৰাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।
ইফালে, এই সন্দৰ্ভত শিক্ষা বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰা হৈছে বুলিও মন্তব্য আগবঢ়াই শিক্ষা বিষয়া বুলি গগৈয়ে । বিধায়ক ৰমাকান্ত দেউৰীৰ যুক্তি, ‘‘এখন প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰাত কোনো আপত্তি নাই ৷ কিন্তু এখন মাধ্যমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয়ৰ সৈতে যদি একত্ৰিকৰণ কৰা হয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুওৱাত সমস্যাৰ সন্মুখীন হ’ব ৷’’
ৰমাকান্ত দেউৰীয়ে দিয়া এই যুক্তিৰ পিচতে এই সমগ্ৰ বিষয় পূৰ্বেই সঞ্চালকক অৱগত কৰা হৈছে বুলি সদৰী কৰে জিলা শিক্ষা বিষয়া বুলি গগৈয়ে ৷ বিধায়কে মৰিগাঁও সমষ্টিত বিদ্যালয় একত্ৰিকৰণ হ’বলৈ দিয়া নাই বুলি চৰকাৰলৈ এখন পত্ৰ লিখিবলৈয়ো জিলা শিক্ষা বিষয়াগৰাকীক নিৰ্দেশ দিয়ে ৰমান্তকান্ত দেউৰীয়ে ৷
আনহাতে, মৰিগাঁও জিলা শিক্ষা বিভাগত একাংশ কৰ্মচাৰী চাকৰিত যোগদান কৰি একেটা কাৰ্যালয়তে বছৰৰ পিছত বছৰ অৱসৰ লোৱালৈকে চাকৰি কৰি থকা বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷
লগতে পঢ়ক: Pre Bhogali Celebration: তেজপুৰত শিক্ষাৰ্থীক পৰম্পৰা শিকোৱাৰ নিদৰ্শন দুই বিদ্যালয়ৰ