ETV Bharat / state

Land dispute in Morigaon: ভূমি বিবাদৰ বুজ ল’লে লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে

author img

By

Published : Dec 13, 2022, 10:43 PM IST

লাহৰীঘাটৰ ধিঙৰআটি ভূমি বিবাদৰ বুজ ললে লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে (Laharighat MLA Asif Mohammad Nazar) ৷ লাহৰীঘাটৰ ধিঙৰ আটিৰ ভূমি বিবাদে সাম্প্ৰদায়িক সংঘাতৰ ৰূপ লোৱাৰ পৰা পৰিল ৰক্ষা ৷ এটা হিন্দু পৰিয়ালক দুৰ্বৃত্তৰ পৰা নিৰাপত্তা দিয়াৰ দায়িত্ব ল’লে স্থানীয় মুছলমান সমাজে ৷

Land dispute in Morigaon
ভূমি বিবাদৰ বুজ ল’লে লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে

মৰিগাঁও, ১৩ ডিচেম্বৰ: মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধিঙৰ আটি গাঁৱৰ এটি হিন্দু পৰিয়ালক প্ৰতিবেশী মুছলমান লোকে বিভিন্ন ধৰণে নিৰ্যাতন চলোৱা বুলি প্ৰচাৰ হোৱা এটি খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । হিন্দু পৰিয়ালটোৰ ঘৰ পৰ্যন্ত জ্বলাই নিঃশেষ কৰি দিয়া হ'ব বুলি ভাবুকি দিয়াৰ অভিযোগ তুলি অসহায় হিন্দু পৰিয়ালটোৱে উপায়বিহীন হৈ মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা কৰিছিল সংবাদ মাধ্যমৰ জড়িয়তে ৷

ঘটনাটো মুখ্যমন্ত্ৰীৰ দৃষ্টি গোচৰ হোৱা মাত্ৰকে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিল এটা বিশেষ টুইট (Himanta Biswa Sarma tweet on Laharighat incident)। তাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছিল মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস(Morigaon SP), ডি এছ পি মৌচুমী দাস, স্থানীয় দণ্ডাধীশ স্বৰাজ ভাৰত লাগাছুসহ বৃহৎ আৰক্ষীৰ দল ।

ডি এছ পি মৌচুমী দাসৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভুক্তভোগী পৰিয়ালটোক নিৰ্যাতনৰ প্ৰকৃত ৰহস্য । লাহৰীঘাট থানাৰ অন্তৰ্গত ধিঙৰ আটি গাঁৱৰ ৰাজু ৰবিদাস নামৰ হিন্দু লোকজনৰ পৰিয়ালটোৰ ওপৰত দীৰ্ঘদিনৰ পৰা আব্দুল জলিল আৰু আব্দুল মালেক নামৰ দুজন লোকৰ পৰিয়ালৰ সদস্যই মিলি চলাই আহিছিল বিভিন্ন নিৰ্যাতন ।

ৰাজু ৰবিদাসৰ সৈতে থকা ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে যোৱা ২০ বছৰ ধৰি আব্দুল জলিল আৰু আব্দুল মালেক নামৰ লোক দুজনৰ পৰিয়ালে ৰবিদাসক ভয় ভাবুকি প্ৰদানৰ লগতে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি হত্যাৰো ভাবুকি দিছিল বুলি অভিযোগ কৰে ৰবিদাসে ।

উল্লেখ্য যে, ১৯৯৫ চনত ৰাজু ৰবিদাসৰ ঘৰত জুই জ্বলাই দিছিল এই পৰিয়াল দুটাৰ সদস্যই । পৰিণতিত আব্দুল জলিল আৰু আব্দুল মালেকসহ কেইবাজনেও জে’লৰ ভাত খাবলগীয়া হৈছিল । পৰিয়াল দুটাই পৰৱৰ্তী সময়ত দাসৰ পৰিয়ালৰ ম্যাদী মাটি বে-দখল কৰাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি ৰবদাসে অভিযোগ উত্থাপিত কৰিছিল ।

তদন্ত কালত ডি এছ পি মৌচুমী দাসৰ আগত ৰবিদাসে কয় যে- এই দুটা পৰিয়ালৰ সদস্যই তেওঁক ভয় ভাবুকি প্ৰদৰ্শনেৰে আতংকিত কৰিছিল । আনকি অহা-যোৱা কৰা পথ পৰ্যন্ত বন্ধ কৰি তেওঁক বিভিন্ন সময়ত হাৰাশাস্তি কৰিছে । অৱশ্যে তেওঁ ইয়াকো স্পষ্ট ভাৱে কয় যে- বাকী মুছলমান লোকসকলে তেওঁক কোনোদিন বেয়া ব্যৱহাৰ কৰা নাই, বৰং মৰম স্নেহ কৰি মিলিজুলি চলি আহিছে ।

প্ৰকৃত বিষয়টো পোহৰলৈ অহাৰ পাছত মঙলবাৰে বিষয়টো নিষ্পতিৰ বাবে আগুৱাই আহে অঞ্চলটোৰ মুছলমান লোকসকল । তেওঁলোকে ৰাজু ৰবিদাসৰ ঘৰত উপস্থিত হৈ ৰাজুৰ পৰিয়ালৰ সন্মুখত আশ্বাস প্ৰদান কৰে পৰিয়ালটোক সম্পূৰ্ণ নিৰাপত্তা দিয়াৰ । ৰাইজে নোৱাৰিলে স্থানীয় আৰক্ষীৰ সহায়ত দুস্কৃতিকাৰীৰ পৰা ৰবিদাসক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে ।

তদুপৰি এনেদৰে মাটি-বাৰীক লৈ দুটা পৰিয়ালৰ মাজত চলি থকা হাই কাজিয়াই যাতে অন্যৰূপ নলয় তাৰ বাবে বুধবাৰে পুৱা ভাগত ধিঙৰ আটি গাঁৱত ৰাজহুৱা সভা আহ্বান কৰা হৈছে বুলিও সংবাদ মাধ্যমক জানিব দিয়ে স্থানীয় লোকে ।

ইফালে লাহৰীঘাটৰ ৰাজ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাছুৱে বাদী আৰু বিবাদিক লগত লৈ মাটি জোখ-মাপ কৰি ৰবিদাসক চমজাই দিয়ে । আনহাতে ভয় পদৰ্শন কৰা ঘটনাৰ সন্দৰ্ভত লাহৰীঘাট থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৩/১৪৮/৪৪৭/৪৩৫/৪২৭/৫০৬ ধাৰাত ৪১৭/২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে লাহৰীঘাট আৰক্ষীয়ে (Laharighat police station)। লাহৰীঘাটৰ দুটা মুছলমান পৰিয়ালৰ সৈতে এটি হিন্দু পৰিয়ালৰ ভূমিকেন্দ্ৰিক সংঘাতে সাম্প্ৰদায়িক সংঘাতৰ ৰূপ লোৱাৰ পৰা কথমপি ৰক্ষা পৰিল মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় সচেতন লোকৰ তৎপৰতাত ।

লগতে পঢ়ক : Land dispute in Marigaon : লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.