ETV Bharat / state

MLA car hits a man: বিজেপি বিধায়কৰ মাৰ্চিডিজ বাহনৰ খুন্দাত নিঃশেষ হৈ গ’ল এটি পৰিয়াল !

author img

By

Published : Apr 11, 2023, 8:43 PM IST

অসম বিধানসভাৰ মাৰ্ঘেৰিটা সদস্য তথা শাসকীয় দলৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মানৱীয়তাক ভৰিৰে মোহৰাৰ অভিযোগ আনিছে মৰিগাঁও আহতগুৰিৰ নৈশ বাছ চালক প্ৰয়াত নিপেন শইকীয়াৰ পত্নী আৰু সন্তানে । বিধায়কজনৰ গাড়ীৰ খুন্দাত পৰিয়ালৰ মূল মানুহজনৰ মৃত্যু ঘটাত তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে উত্থাপন কৰিছে প্ৰশ্ন (Dergaon road accident) ।

Dergaon road accident
বিধায়কৰ গাড়ীৰ খুন্দাত নি:শেষ হৈ গ’ল এটি পৰিয়াল

মৰিগাঁও, 11 এপ্ৰিল : মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ শাসকীয় দলৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নামত পঞ্জীয়ন হৈ থকা এখন বাহনৰ খুন্দাত মৃত্যু হৈছে এজন নৈশ বাছ চালকৰ ৷ ৰাস্তা পাৰ হওঁতেই বিধায়কৰ দ্ৰুতবেগী বাহনে মহতিয়াই লৈ যায় মৰিগাঁও আহতগুৰিৰ নিপেন শইকীয়াক (Dergaon road accident) ৷ কিন্তু মৃত্যু হোৱা মৰিগাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটিৰ এটা খবৰ ল’বলৈ আহৰি নাই অসম বিধানসভাৰ সদস্য ভাস্কৰ শৰ্মাৰ ৷ ভুক্তভোগী পৰিয়ালে এতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে বিধায়কৰ মানৱীয়তাকলৈ ?

এজন বিধায়কৰ এখন বাহনে নিঃশেষ কৰিলে এটা পৰিয়ালৰ জীৱন ৷ ঘটনাটো ঘটিছিল যোৱা বুধবাৰে । অভিযোগ অনুসৰি দেৰগাঁৱৰ এটা পথ দুৰ্ঘটনাত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ AS 01EK 2084 নম্বৰ বিলাসী বাহনে মহতিয়াই নিছিল মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত আহতগুৰি গাঁৱৰ নিপেন শইকীয়া নামৰ এজন বাছ ড্ৰাইভাৰক (Bus driver died in road accident) ৷

দৈনিক গাড়ী চলাই ভাতমুঠি যোগাৰ কৰি পৰিয়াল পোহপাল দিয়া নিপেনে বৰহোলাৰ পৰা গুৱাহাটীলৈ এখন নৈশ বাচৰ চালক হিচাপে আহি আছিল ৷ দেৰগাঁৱত চাহ খাবলৈ যাত্ৰী সকলক নমাই দি নিজেও আহাৰ গ্ৰহণ কৰিবলৈ পথ পাৰ হওঁতেই এখন তীব্ৰ বেগী বিলাসী বাহনে মহতিয়াই নিয়ে নিপেনক (MLAs car involved in Dergaon road accident) ৷

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে এখন নম্বৰ প্লেট ৷ বিচাৰ খোচাৰ কৰি জানিব পৰা গ’ল যে, বিলাসী বাহনৰ গৰাকী হৈছে শাসকীয় দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ৷ অতি পৰিতাপৰ আৰু উদ্বেগজনক বিষয় যে, কথা আজি 5 দিন উকলি গ’ল কিন্তু মানৱীয়তাৰ খাতিৰতে হ’লেও এটা খবৰ ল’বলৈ সময় ন’হল তথাকথিত বিধায়ক ভাস্কৰ শৰ্মাৰ ৷

বাহনৰ লগতে ঘটনাৰ সন্দৰ্ভত আনকি গোচৰ ল'বলৈ প্ৰথমাৱস্থাত অস্বীকাৰ কৰিছিল দেৰগাঁও আৰক্ষীয়ে ৷ প্ৰশ্ন হয় কেতিয়া ন্যায় পাব অকালতে কপালৰ সেন্দুৰ মচিব লগীয়া হোৱা এই মহিলাগৰাকী আৰু পৰিয়ালটোৱে ? ঘৰৰ একমাত্ৰ উপাৰ্জন কৰা মানুহজন হেৰুৱাই এতিয়া হাহাকাৰ অৱস্থা হৈছে পৰিয়ালটোৰ ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বিধায়কৰ বাহনৰ ইঞ্চুৰেঞ্চৰ ম্যাদো উকলি গৈছিল ৷ এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে প্ৰশাসনে ব্যৱস্থা ল’বনে এইজন বিধায়কৰ বিৰুদ্ধে ?

লগতে পঢ়ক : Minor girl tragic death : দেউতাকে কটা গছৰ ডাল পৰি কণমানিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.