ETV Bharat / state

মৰিগাঁৱৰ শিশু ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Jun 27, 2021, 12:28 PM IST

Updated : Jun 27, 2021, 12:57 PM IST

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱা নাৰকীয় কাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলীক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ পলাতক অৱস্থাত থকা ছৈয়দ আলী ওৰফে পাঠাক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

Main accused in child rape and murder in Morigaon arrested
মৰিগাঁৱৰ শিশু ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

মৰিগাঁও, 27 জুন : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা, হিংসা আৰু ধৰ্ষণৰ ঘটনা ৷ শেহতীয়াভাৱে কোকৰাঝাৰৰ দুই কিশোৰীক ধৰ্ষণ কৰি গছত ওলোমাই থৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই মৰিগাঁৱত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱা নাৰকীয় কাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলীক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ পলাতক অৱস্থাত থকা ছৈয়দ আলী ওৰফে পাঠাক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান মৰিগাঁও সদৰ আৰক্ষী নিৱেশত ৰখা হৈছে আৰু তেওঁৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

বিগত 20 জুনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি দুৰ্বৃত্তই মৰাপাট খেতিত পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ঘটনাৰ বহুদিন উকলি যোৱাৰ পাচতো দুৰ্বৃত্তক আটক কৰিব নোৱাৰাত শুকুৰবাৰে ৰাতিপুৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভূৰাগাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লৈ স্থানীয় ৰাইজ, ভুক্তভোগী পৰিয়াল আৰু তদন্তকাৰী বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈ ক্ষীপ্ৰতাৰে তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষীক ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৬৫ বছৰীয়া ছৈয়দ আলী পূৰ্বে মছজিদৰ ইমাম আছিল আৰু এই ধৰণৰ জঘন্য ঘটনা পূৰ্বেও সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে পাঠাৰ বিৰুদ্ধে । সম্প্ৰতি ঘটনাৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে মন্তব্য প্ৰদান কৰা নাই যদিও অভিযুক্তক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় দল সংগঠনৰ লগতে গৰীয়া মৰিয়া জাতীয় পৰিষদে ৷

লগতে পঢ়ক: শিশু ধৰ্ষণ-হত্যাৰ তদন্তৰ বুজ ল’বলৈ ভূৰাগাঁৱত মুখ্যমন্ত্ৰী

Last Updated : Jun 27, 2021, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.