ETV Bharat / state

বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত - মৰিগাঁৱৰ জোনবিল মেলা

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জোনবিল মেলাত দ্বিতীয় দিনা পুৱাতেই অনুষ্ঠিত হয় পূৰ্বৰ পৰা চলি অহা পৰম্পৰা অনুসৰি বিনিময় প্ৰথা ৷ এই প্ৰথাৰ শুভাৰম্ভণী কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত
বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত
author img

By

Published : Jan 17, 2020, 5:04 PM IST

মৰিগাঁও,17 জানুৱাৰী : 1 মাঘৰ পৰা মৰিগাঁৱৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা ৷ পাহাৰ-ভৈয়ামৰ লোকসকলৰ মিলনৰ উৎসৱ হিচাপে গোভাৰজাৰ শাসনকালৰ পৰাই চলি আহিছে এই মেলা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জোনবিল মেলাত দ্বিতীয় দিনা পুৱাতেই অনুষ্ঠিত হয় পূৰ্বৰ পৰা চলি অহা পৰম্পৰা অনুসৰি বিনিময় প্ৰথা ৷ এই প্ৰথাৰ শুভাৰম্ভণী কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ পাহাৰৰ পৰা অহা লোকসকলে পাহাৰত উৎপাদিত আলু,কচু,কোমোৰা,হালধি,জালুক আদি হোৰাত ভৰাই লৈ আহে মেলালৈ ৷ একেদৰে ভৈয়ামৰ লোকে প্ৰস্তুত কৰা চিৰা,পিঠা, লাড়ু,শুকান মাছ আদিৰ সৈতে পাহাৰৰ মামা-মামীয়ে বিনিময় কৰে আলু কচু আদি ৷

বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত

ইয়াৰ লগতে জোনবিল মেলাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এক বাণিজ্যিক ক্ষেত্ৰও ৷ বিভিন্ন ধৰণৰ বয়ন শিল্প,কুটীৰ শিল্পৰ দ্বাৰা গঢ়ি উঠিছে এই বাণিজ্য ৷ অসমৰ শিপিনীয়ে শালত বৈ উলিওৱা বিভিন্ন ধৰণৰ চাদৰ মেখেলা,গামোচা,জনগোষ্ঠীয় সাজ-পাৰৰ উপৰিও বাঁহ-বেত-কাঠৰ আচ-বাব আদি বিক্ৰী হোৱা পৰিলক্ষিত হয় ৷

ইয়াৰোপৰি তিৱাশা সকলৰ লগতে পাহাৰৰ পৰা অহা জনগোষ্ঠীয় লোকসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে মেলাস্থলীত ৷ জনগোষ্ঠীয় কৃষ্টি- সংস্কৃতিৰে মুখৰিত হৈ পৰিছে ঐতিহাসিক গোভাৰাজ্যৰ মূল ভূমি মৰিগাঁও ৷

লগতে চাওকঃঅৱশেষত পাকিস্তানৰ জেলৰ পৰা উভতিল মেৰাপানীৰ সীমান্ত শইকীয়া

Intro: ঐতিহাসিক গোভাৰাজ্যৰ জোনবিল মেলাত অচল হল আধুনিক মুদ্ৰা। আধুনিক মুদ্ৰাৰ বিপৰীতে বিনিময় কৰিলে পাহাৰৰ উৎপাদিত আলুকচু হালধি, জালুক আদি সামগ্ৰীৰে ভৈয়ামৰ চিৰা পিঠা আদিৰে। সামগ্ৰীৰ বিনিময়ৰ সমান্তৰালভাৱে মানুহৰ মনত জোনবিলৰ বাকৰি ডনধৰি উঠিল সমন্বয়ৰ বাত্তা।

Body:সম্পাদিত হল ঐতিহাসিক বিনিময় প্ৰথা। মৰিগাঁৱৰ গোভাৰাজ্যত অচল মুদ্ৰাত পৰিণত হল ভাৰতীয় আধুনিক মুদ্ৰা। সুপ্ৰাচীন কালৰে পৰা চলি থকা তিৱা গোভাৰাজ্যৰ এই বিনিময় প্ৰথাই মিলন তীৰ্থত পৰিণত কৰিলে জোনবিলৰ বাকৰি।পাহাৰৰ -ভৈয়ামৰ অজস্ৰ জনে পুৱতি নিশাৰ পৰা ৰাতিপুৱালৈকে বিনিময় কৰিলে নিজৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী। উল্লেখযোগ্য মে মৰিগাঁৱৰ জিলাৰ এই গোভাৰাজ্যৰ জোনবিলৰ পাৰলৈ হিলদল ভাগি আহিল মেঘালয়ৰ জয়ন্তীয়া, খাচীয়াদি জিলাত বসবাস কৰা জনগোষ্ঠীয় লোকসকল। কাৰ্যতঃ পাহাৰত উৎপাদিত আলু,কচু,হালধি, জালুক,লাও,কুমুৰা আদি বিনিময়ত লৈ যায় ভৈয়ামৰ খান্দহ, চিৰা,পিঠা, মুৰিলাও,শুকান মাছ ইত্যাদি। মনকৰিবলগীয়া যে পাহাৰৰ এইসকল সহজহৰল লোকক ভৈয়ামৰসকলে মৰমতে মামা মামী,নতুবা মাহী সম্বোধন কৰি মনৰ মাৱ আদান প্ৰদান কৰে।byte:1,2,3
জোনবিল মেলাৰ তিনি দিনীয়া কাৰ্যসূচী অনুসৰি পুৱা ভাগত বিনিময় প্ৰথাৰ শুভাৰম্ভ কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।byte:mla.rama kt. dewri
2. managing Secretary..nursing bordoloi

প্ৰণিধান যোগ্য যে প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই গোভাৰাজ্যৰ প্ৰাক ঐতিহাসিক জোনবিলৰ বিনিয় প্ৰথা প্ৰত্যক্ষ কৰি আপ্লুত হয় বিদেশী পৰ্যটক।:tourist
মুঠৰ ওপৰত শুক্ৰবাৰে মধ্য অসমৰ ঐতিহাসিক গোভাৰাজ্যৰ জোনবিলৰ বাকৰিত সম্পাদন হোৱা বিনিময় প্ৰথাই দাঙি ধৰিলে বহু ইতিহাস।

Conclusion:Ratul deka. etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.