মৰিগাঁও, 20 জানুৱাৰীঃ মাঘৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয় ঐতিহাসিক জোনবিল মেলা ৷ গোভা ৰজাৰ শাসন কালৰে পৰা জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে বুলি প্ৰবাদ আছে ৷ পাহাৰ আৰু ভৈয়ামত বসবাস কৰা লোক সকলৰ মিলনৰ মেলা বুলিও ক'লেও হয়তো ভুল কোৱা নহ'ব ৷ পাহাৰত বসতি কৰা লোকসকলে স্ব-উৎপাদিত আলু, কচু, আদা,জলকীয়া,জালুক,কোমোৰা,ৰঙালাও আদি হোৰাত বান্ধি নামি আহে ভৈয়ামলৈ৷ কাৰ্বি পাহাৰ,গাৰো পাহাৰৰ পৰা কাৰ্বি, গাৰো, খাচী, ডিমাচা আদি জনগোষ্ঠীয় লোকসকল প্ৰতি বছৰেই আহে জোনবিল মেলালৈ ৷
জোনবিল মেলালৈ অহা পাহাৰীয়া লোকসকলে নিজৰ সামগ্ৰী সমূহ বিনিময় অথবা বিক্ৰী কৰে আৰু ভৈয়ামৰ লোকসকলে প্ৰস্তুত কৰা চিৰা-পিঠা, জা-জলপান, শুকান মাছ আদি ক্ৰয় অথবা বিনিময় পদ্ধতিৰে সংগ্ৰহ কৰে ৷ পূৰ্বৰ যি বিনিময় প্ৰথা সমাজত প্ৰৱৰ্তিত আছিল, সেই প্ৰথাৰ প্ৰচলন জোনবিল মেলাত দেখিবলৈ পোৱা যায় ৷ উদাহৰণ স্বৰূপে পাহাৰীয়া লোকক শুকান মাছ দি ভৈয়ামৰ লোকে সংগ্ৰ কৰে সমপৰিমাণৰ আদা বা কচু৷ অনুৰূপ ধৰণে পাহাৰীয়া লোকে এভাগ জালুকৰ বিনিময়ত ভৈয়ামৰ লোকৰ পৰা এটোপোলা জলপান বিনিময় কৰে ৷ ইয়াৰোপৰি ইচ্ছানুযায়ী কোনোবাই ধনৰ বিনিয়তো ক্ৰয় কৰিব পাৰে বিভিন্ন সামগ্ৰী ৷ কোৱা হয় যে, এদিনৰ বাবে মুদ্ৰা অচল হৈ পৰে জোন বিল মেলাত ৷ আচলতে, যিসকলে মেলালৈ নিজা উৎপাদিত সামগ্ৰী লৈ আহে তেওঁলোকে ধন নিদিয়াকৈ সেই সমাগ্ৰীৰ বিনিময়ত আনসামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ বৰ্তমান অৱশ্যে এই প্ৰথা পৰম্পৰা হিচাপেহে ৰৈছেগৈ ৷
আৰ্থসামাজিক ক্ষেত্ৰলৈ জোনবিল মেলাই বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হয় ৷ জোনবিল মেলাক কেন্দ্ৰ কৰি এক ব্যৱসায়িক বাতাৱৰণ গঢ়ি উঠে ৷ তিনিদিন অথবা চাৰিদিনৰ বাবে অনুষ্ঠিত হয় যদিও স্থানীয় কাজি-শিপিনী-বাঢ়ৈ আদি জীৱিকাধাৰীসকলৰ বাবে ব্যৱসায়ৰ এক থল হৈছে জোনবিল মেলা ৷ গুৱাহাটীস্থিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ লগতে বিভিন্ন জিলাত প্ৰায়েই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হয় যদিও সেই বাণিজ্য মেলাত অংশগ্ৰহণ কৰাতো থলুৱা লোকসকলৰ বাবে বহুসময়ত সম্ভৱ নহয় ৷ কিন্তু জোনবিল মেলাত স্থানীয় লোকসকলে নিজে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰাৰ সুবিধা লাভ কৰে ৷
বিভিন্ন আত্মসহায়ক গোটৰ মহিলাই প্ৰস্তুত কৰা চাদৰ-মেখেলা, গামোচা, জনগোষ্ঠীয় সাজ-পাৰ, লাড়ু-পিঠা, আচাৰ আদি উপকৰণ বিক্ৰীৰ বাবে লৈ আহে মেলা স্থলীলৈ ৷ কুটীৰ শিল্পীসকলে প্ৰস্তুত কৰি উলিওৱা কাঠৰ আচবাব যেনে-চকী-মেজ, বিচনা, আলনা, আলমিৰা; বাঁহ-বেতৰ সামগ্ৰী, গৃহসজ্জাৰ সামগ্ৰী আদি বিক্ৰী কৰাৰ সুবিধা লাভ কৰে স্থানীয় লোকসকলে ৷ তাৰোপৰি বিভিন্ন সুস্বাদু খাদ্যৰ বিপনীও মেলাখনত দেখাযায় ৷ মৰিগাঁও আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ লোকসকলে জোনবিল মেলাক লক্ষ্য হিচাপে লৈয়েই নিৰ্মাণ কৰে বিক্ৰীৰ বাবে কেতবোৰ সামগ্ৰী ৷ কেৱল মৰিগাঁও জিলাৰে নহয়, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও ব্যৱসায়ৰ বাবে একাংশ লোক আহে জোনবিল মেলালৈ ৷ এই মেলাখনে অৰ্থনৈতিকভাৱে একাংশ লোকক কিছু সহায় কৰিছে ৷
আৰ্থিক, সামাজিক আৰু সাংস্কৃতিকভাৱে জোনবিল মেলাই একতা ধৰি ৰখাত সফল হৈছে ৷ বিভিন্ন সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক এইদৰে একেস্থানত একত্ৰিত হোৱাটো অসমীয়া সমাজ ব্যৱস্থাৰ বাবে যোগাত্মক দিশ ৷ প্ৰাচীন গোভাৰাজ্যৰ এই জোনবিল মেলাই কেৱল পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাই নহয় আৰ্থসামাজিক দিশতো এক বিশেষ ভূমিকা পালন কৰি আহিছে ৷