মৰিগাওঁ,7 জুন: চিকিৎসক হোৱাৰ সপোন দেখা এজন মেধাসম্পন্ন ছাত্ৰ । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰজনে লাভ কৰিবলৈ সক্ষম হৈছে 93 শতাংশ নম্বৰ ৷ ছাত্ৰজন হৈছে মৰিগাঁৱ জিলাৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিয়াজ আলী ৷ ৰিয়াজৰ এই ফলাফলে পৰিয়াল তথা অঞ্চলবাসীলৈ কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ ৷
উল্লেখ্য যে, মেধাবী ছাত্ৰগৰাকী সম্প্ৰতি আক্ৰান্ত কৰ্কট ৰোগত ৷ মহানগৰীৰ বিৰুবাৰীস্থিত ডা৹ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন ৰিয়াজে চিকিৎসকৰ হকা-বধা নামানি একমাত্ৰ মনোবলক সাৰথি হিচাপে কেন্দ্ৰ কৰি অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷ সফলতাৰে উত্তীৰ্ণ ৰিয়াজৰ আদৰ্শ বিখ্যাত বৈজ্ঞানিক তথা উদ্ভাৱক ষ্টিফেন হকিন্স ৷ ৰিয়াজে ফলাফল লাভৰ পিছত দৃঢ়তা আৰু মনোবল সফলতাৰ চাবিকাঠী বুলি ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত । একান্ত ইচ্ছা আৰু লক্ষ্য ঠিক হ’লে সকলো সম্ভৱ বুলি মন্তব্য কৰে মেধাৱী ছাত্ৰজনে ৷ তদুপৰি ৰিয়াজৰ পিতৃয়ো সম্প্ৰতি আক্ৰান্ত একে ৰোগত ৷ ইপিনে পিতা-পুত্ৰক সুস্থ কৰাৰ স্বাৰ্থত ৰাইজৰ সহায় বিচাৰিছে ৰিয়াজৰ মাতৃ মেৰী বেগমে ৷