মৰিগাঁও, ১৯ জুলাইঃ মৰিগাঁৱত ভয়াৱহ বান পৰিস্থিতি । তুলুঙা নাৱকে সাৰথি কৰি অব্যাহত ৰাখিছে যাতায়ত ।
সমগ্ৰৰাজ্যৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতি । ঘৰ দুৱাৰকে ধৰি হাজাৰ-হাজাৰ কৃষিভূমি পানীত ডুব গৈ থকাৰোপৰি পশুধনৰ বিস্তৰ ক্ষতি হয় । বানৰ মাজত বানাক্ৰান্তই কলৰ ভূঁৰ , তুলুঙা নাৱকে সাৰথি কৰি অব্যাহত ৰাখিছে যাতায়াত । মৰিগাঁৱৰ পকৰীয়া মৌজাৰ বানাক্ৰান্তৰ একাংশই পকী দলঙৰ ওপৰতে এতিয়াও আশ্ৰয় লৈ আছে । মনহা , নিজ ঘগুৱা , মায়ং আৰু পকৰীয়া মৌজাৰ বানাক্ৰাক প্ৰশাসনে বান সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে যদিও অধিকাংশই বান সাহাৰ্য নোপোৱাৰ অভিযোগ উঠিছে । জাগীভকতগাঁও আৰু মায়ঙত গড়কাপ্তানী পথ বুৰ যোৱাৰ ফলত মৰিগাঁৱলৈ যাতায়ত আজিও প্ৰায় ব্যাহত হৈ আছে বুলি জানিবলৈ পোৱা গৈছে ।
লগতে আন এটা বাতৰি - ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ