মৰিগাঁও , 27 চেপ্তেম্বৰঃ মৰিগাঁৱত Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ ৷ Etv Bharat ত বাতৰি প্ৰকাশৰ পাছতেই অভিযুক্ত আচামীৰ লগত লকআপৰ সন্মুখত চেলফি লোৱা পাঁচ বন্ধুক আৰক্ষীয়ে আটক কৰাৰ লগতে শাস্তি মূলকভাৱে বদলি কৰে আৰক্ষী বিষয়াক ৷ ঘটনাটো সংঘটিত হৈছিল 23 চেপ্তেম্বৰ তাৰিখে ৷ পত্নীৰ অভিযোগত অভিযুক্ত আচামী আচাদুৰ ৰহমানৰ পাঁচজন বন্ধুৱে আচামীজনক লগ কৰিবলৈ আহি আচামীজনৰ লগত চেলফি তুলি আপডেট দিয়ে সামাজিক সংযোজন মাধ্যম ফেচবুকত ৷ উল্লেখযোগ্য যে, আৰক্ষী চকীৰ ভিতৰত অনুমতি অবিহনে কেমেৰা ব্যৱহাৰ কৰা বৈধ নহয় ৷ এই ঘটনাক লৈ সৰ্বত্ৰে সমালোচনা হোৱাৰ পাছত মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক শাস্তি মূলক ভাৱে বদলি কৰাৰ লগতে গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা নিলম্বন কৰে ৷ পাঁচজন বন্ধুক আটক কৰাৰো পদক্ষেপ গ্ৰহণ কৰে উপ আৰক্ষী বিষয়াই ৷
আচমীয়ে ল'লে চেলফী, বদলি হ'ল আৰক্ষী - আৰক্ষী
পত্নীৰ অভিযোগত অভিযুক্ত আচামী আচাদুৰ ৰহমানৰ পাঁচজন বন্ধুৱে আচামী জনক লগ কৰিবলৈ আহি আচামীজনৰ লগত চেলফি তুলি ফেচবুকত আপডেট দিয়াৰ পাছত পাঁচ বন্ধুক আচক কৰে আৰক্ষীয়ে ৷ আৰক্ষী বিষয়াকো শাস্তিমূলক বদলি ৷
মৰিগাঁও , 27 চেপ্তেম্বৰঃ মৰিগাঁৱত Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ ৷ Etv Bharat ত বাতৰি প্ৰকাশৰ পাছতেই অভিযুক্ত আচামীৰ লগত লকআপৰ সন্মুখত চেলফি লোৱা পাঁচ বন্ধুক আৰক্ষীয়ে আটক কৰাৰ লগতে শাস্তি মূলকভাৱে বদলি কৰে আৰক্ষী বিষয়াক ৷ ঘটনাটো সংঘটিত হৈছিল 23 চেপ্তেম্বৰ তাৰিখে ৷ পত্নীৰ অভিযোগত অভিযুক্ত আচামী আচাদুৰ ৰহমানৰ পাঁচজন বন্ধুৱে আচামীজনক লগ কৰিবলৈ আহি আচামীজনৰ লগত চেলফি তুলি আপডেট দিয়ে সামাজিক সংযোজন মাধ্যম ফেচবুকত ৷ উল্লেখযোগ্য যে, আৰক্ষী চকীৰ ভিতৰত অনুমতি অবিহনে কেমেৰা ব্যৱহাৰ কৰা বৈধ নহয় ৷ এই ঘটনাক লৈ সৰ্বত্ৰে সমালোচনা হোৱাৰ পাছত মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক শাস্তি মূলক ভাৱে বদলি কৰাৰ লগতে গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা নিলম্বন কৰে ৷ পাঁচজন বন্ধুক আটক কৰাৰো পদক্ষেপ গ্ৰহণ কৰে উপ আৰক্ষী বিষয়াই ৷
হয় ঠিকেই দেখিছে, এইকেইজন পত্নীৰ অভিযোগত অভিযুক্ত আচামী আচাদুৰ ৰহমানৰ বন্ধু । চাওক এইকেইজন লোকে দুষ্ট চৰিত্ৰৰ বন্ধু তথা নিজ পত্নীৰ অভিযোগত অভিযুক্ত আচাদুৰক সাক্ষাত কৰিব আহি (চুলি দীঘল মাজৰ জন)থানাৰ আলহী হবলগীয়া হ'ল । দৰাচলতে ঘটনাটো 23 চেপ্তেম্বৰৰ। প্ৰথমে থানাৰ লকাপৰ সন্মুখত অভিযুক্ত আচাদুৰৰ সৈতে পাঁচ বন্ধুৰ চেলফি । পিছত আপডেট জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত । প্ৰথমে এই বাতৰি প্ৰচাৰ হৈছিল ETV bharat অসমত। মনকৰিবলগীয়া ইয়াৰ পাছতে থানাৰ আলহী পাঁচ বন্ধু । অভিযোগ মতে, মৰিগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত মিকিৰভেটা থানাত নিজ শাহুৱেকে জোঁৱাই আচাদুৰৰ ওপৰত এক গোচৰ ৰুজু কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এইজন অভিযুক্ত আচাদুৰ ।
পৰৱৰ্তী পৰ্যায়ত অভিযুক্ত আচাদুৰক খবৰ লবলৈ আহে এই পাঁচ বন্ধুৱে । প্ৰথমে বন্ধুৰ খবৰ লয়, পিছত আৰক্ষীক কেৰেপ নকৰি অভিযুক্ত বন্ধুৰ লগত থানাৰ লকাপৰ সন্মুখতে বহু কেইটা চেলফি লৈ সিহঁতৰ মাজৰে ইয়াজুদ্দিন নামৰ বন্ধু জনৰ মবাইলেৰে ফটো আপডেট দিয়ে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত । এই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। কেনেকৈ আৰক্ষীৰ ব্যেহুঁ ভেদি এই পাঁচ বন্ধুৱে অভিযুক্তৰ সৈতে চেলফি লবলৈ সক্ষম হ'ল ? মনকৰিবলগীয়া যে বিভিন্ন মহলত হোৱা সমালোচনাৰ ফলত মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক উপ আৰক্ষী বিষয়াই তদন্ত কৰি তাৎক্ষনিকভাবে এই পদক্ষেপ গ্ৰহণ কৰে ।Conclusion:Ratuldeka etv Bharat morigaon