ETV Bharat / state

কি হ'ব 2021 ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ কি কলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ? - Exclusive Interview with MLA Ramakanta Dewri

ইয়াৰ ওপৰিও কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা, অসম জাতীয় পৰিষদ সন্দৰ্ভতো বহুকেইটা বিস্ফোৰক মন্তব্য আগবঢ়াই বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ 2021 বিধানসভা নিৰ্বাচনত বিজেপিয়ে 100 ৰো অধিক আসন দখল কৰিব বুলি দাবী কৰে বিধায়ক গৰাকীয়ে ৷

Etv Bharat Exclusive Interview with MLA Ramakanta Dewri
কি হ'ব 2021 ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ কি কলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ?
author img

By

Published : Sep 28, 2020, 5:52 PM IST

Updated : Sep 28, 2020, 11:01 PM IST

মৰিগাঁও, 28 ছেপ্তেম্বৰ: "ৰাজ্যত গঠন হোৱা ন-ন ৰাজনৈতিক দল সমূহে শাসকীয় বিজেপি দল আৰু চৰকাৰক কোনো ক্ষতি কৰিব নোৱাৰে ৷ বৰঞ্চ লাভান্বিত হে কৰিব। নৱ গঠিত অসম জাতীয় পৰিষদ আচলতে অসম জুই জ্বলোৱা পৰিষদহে ৷ একেদৰে কংগ্ৰেছ এ আই ইউ ডি এফ দলৰ মিত্ৰতাই ৰাজ্যৰ ৰাজনীতিত কেনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে ৷ আগন্তুক বিধান সভা নিৰ্বাচনত ৰাজ্যত এশ খন আসন দখল কৰিব বিজেপি আৰু মিত্ৰ জোটে"। ইটিভ ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই ধৰণৰ বিস্ফোৰক মন্তব্য মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ ইয়াৰ ওপৰিও সাক্ষাৎকাৰত আন কেইবাটাও বিষয়ত বিস্ফোৰক মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

কি হ'ব 2021 ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ কি কলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ?

উল্লেখ্য যে, নৱগঠিত অসম জাতীয় পৰিষদক চোকা ভাষাৰে সমালোচনা কৰি অসম জাতীয় পৰিষদক অসম জুই জ্বলোৱা পৰিষদ দল আখ্যা দিয়ে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ দলটোৱে কিবা হ'লেই বাটে-পথে ট্ৰায়াৰ, জুমুঠি, প্ৰতিকৃতি আদি জ্বলাই গোটেই ৰাজ্যত অন্য এক পৰিবেশৰ সৃষ্টি কৰে বুলি মন্তব্য বিধায়ক গৰাকীৰ ৷ এই অসম জুই জ্বলোৱা পৰিষদৰ লগত কোনো জনজাতীয় লোক নাই বুলি মন্তব্য কৰি অসম জুই জ্বলোৱা পাৰ্টিক কোনেও ভোট নিদিয়ে বুলি মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । এইটো পাৰ্টিয়ে ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত খুব বেছি দুহাজাৰকৈ ভোট লাভ কৰিব বুলি বিস্ফোৰক মন্তব্য কৰে বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

উল্লেখযোগ্য যে, মধ্য অসমৰ এজন প্ৰভাৱশালী বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে 2021 চনৰ বিধান সভা নিৰ্বাচনত কোন কোন সমষ্টিত কোনে কিমান ভোট লাভ কৰিব সেই হিচাপো দিলে ইটিভাৰতৰ সাক্ষাৎকাৰত ৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই 2021 ৰ নিৰ্বাচনত কোনোধৰণৰ প্ৰভাৱ নেপেলাই বুলি উল্লেখ কৰি নিৰ্বাচনত এইবাৰ বিজেপিয়ে ষ্ট্ৰেণ্ড কৰিব বুলি মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ লগতে 21 ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰ জোটে এশ খন আসন দখল কৰিব বুলি দাবী কৰে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, কেন্দ্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুখীয়া মানুহৰ বাবে যিমান খিনি কৰিছে সেইয়া পূৰ্বৱতী কোনো চৰকাৰেই নকৰিলে বুলি দাবী কৰি এইবাৰ নিৰ্বাচনতো সেয়ে ৰাইজে বিজেপিকে ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ আনহাতে মৰিগাঁও-জাগীৰোড বিধান সভা সমষ্টি দুটাত মুছলমান ভোটাৰৰ পেৰ্টান আৰু বিগত বিধানসভাৰ আৰু লোকসভা নিৰ্বাচনৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰ লাভৰ শতকৰা হাৰ এইবাৰ আৰু বাঢ়িব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ?

Last Updated : Sep 28, 2020, 11:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.