ETV Bharat / state

Ek Asom Yatra: দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী শাসকে আমাৰ ইতিহাস,ভাষা-কৃষ্টি-সংস্কৃতি সকলো বিকৃত কৰিছে; লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:05 PM IST

Updated : Sep 29, 2023, 10:06 PM IST

শুকুৰবাৰে মৰিগাঁৱত অসম জাতীয় পৰিষদে ৰূপায়ণ কৰিলে এক অসম যাত্ৰা ৷ আগন্তুক সকলো নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাইজক একত্ৰিক কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই কাৰ্যসূচীৰ আজি নৱম দিন ৷

Ek Asom Yatra
Ek Asom Yatra
মৰিগাঁৱত অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’

মৰিগাঁও, 29 ছেপ্টেম্বৰ: নৱম দিনা মৰিগাঁৱত প্ৰৱেশ কৰিলে অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ই ৷ মৰিগাঁৱত উপস্থিত হোৱাৰ পাছতেই ৰাইজে ঢোলে-দগৰে উষ্ম আদৰণি জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলটোৰ নেতৃত্বক ৷

যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে মৰিগাঁও চহৰৰ একাধিক মঠ-মন্দিৰত আঁঠু লৈ আশীৰ্বাদ গ্ৰহণ কৰে দলটোৰ নেতৃত্বই ৷ ইয়াৰ পাছতেই সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে স্বৰ্গদেউ চাওলুং চ্যুকাফা, মহাৰজা নৰনাৰায়ণ, শংকৰদেৱ, মাধৱদেৱ গুৰুদুজনাৰ লগতে আজান পীৰৰ সমন্বয় আজি অস্তিত্বৰ সংকটত ৷ উল্লেখ্য যে ধুবুৰীৰ পৰা শদিয়ালৈ আগবাঢ়িছে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা ৷

মৰিগাঁৱত বিজেপি দলৰ ওপৰত তীব্ৰ বাক্যবাণ লুৰীণজ্যোতি গগৈৰ ৷ পীযুষ হাজৰীকাক কটাক্ষ কৰি তেওঁ কয় যে দাদা ব্ৰিগেডৰ ভায়েক তথা মৰিগাঁও জিলাৰ মন্ত্ৰীজনৰ কথাত গুৰুত্ব দিব লাগে বুলি নাভাবো ৷ মুখ্যমন্ত্ৰী আৰু বাকী মন্ত্ৰী বৰ্গৰ লগতে পত্নী আৰু পুত্ৰ-কন্যাহঁতৰ অবৈধ ধন সম্পত্তি, শ শ বিঘা মাটি, অবৈধ কোম্পানী ৰাইজৰ চকুৰ চেটেলাইটৰে নিৰীক্ষণ কৰিব লাগে । পীযুষ হাজৰীকাক সকলো চিণ্ডকেটৰ মহানায়ক আখ্যা লুৰীণৰ ৷

লগতে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি কয় যে দেশ এতিয়া গভীৰ সংকটত ৷ দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী শাসকে আমাৰ ইতিহাস, ভাষা-কৃষ্টি-সংস্কৃতি সকলোবোৰ বিকৃত কৰিছে ৷

শুকুৰবাৰে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাত মৰিগাঁৱত সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ দলবাৰীত জিলা সমিতিৰ উদ্যোগত এখন ৰাজহুৱাও অনুষ্ঠিত দৱটোৱে ৷

এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দুলু আহমেদ, সম্পাদকত্ৰয় ক্ৰমে বাণী দাস, ৰাজীৱ ভট্টাচাৰ্য, ৰাজু ফুকন আৰু জিলা সভাপতি জয়ন্ত কুমাৰ ডেকাৰ লগতে কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Ek Asom Yatra: বিজেপি দলে অসমখন এক হোৱাটো নিবিচাৰে নেকি; প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

Last Updated : Sep 29, 2023, 10:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.