ETV Bharat / state

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক

author img

By

Published : Oct 14, 2020, 2:15 PM IST

মৰিগাঁৱত পথ নিৰ্মাণৰ ক্ষেত্ৰত আঁসোৱাহ থাকি যোৱাৰ বাবেই সামান্য এজাক বৰষুণতে বহু কেইটা ব্যস্ত অঞ্চলৰ পথ বুৰ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এনে হোৱাৰ অভিযোগ ৰাইজৰ ৷

জৰাজীৰ্ণ পথ
জৰাজীৰ্ণ পথ

মৰিগাঁও, 14 অক্টোবৰ: মৰিগাঁও পৌৰসভাৰ ভিতৰুৱা 3নং,7নং আৰু 11নং ৱাৰ্ডৰ বাসিন্দাসকলৰ মাজত যাতায়াতৰ একমাত্ৰ পথ হৈছে শনিবৰীয়া বজাৰৰ পথ ৷ মৰিগাঁও-নগাঁও ৰাজ্যিক পথৰ পৰা মৰিমুছলমান গাঁৱলৈ যোৱা পথছোৱাতে আছে মৰিগাঁৱৰ একমাত্ৰ অসম ৰাজ্যিক পৰিবহণৰ টিকট কাউন্টাৰটোও ৷ মুঠতে বহু ব্যস্ত পথটো ৷ কিন্তু এজাক বৰষুণতে পানীৰে ভৰি পৰা পথটোৱে সম্প্ৰতি বহু অসুবিধাৰ সৃষ্টি কৰিছে স্থানীয় বাসিন্দাসকলৰ মাজত ৷

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক
জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক

পথটো নিৰ্মাণৰ লগতে,পথটোৰ দুয়োকাষে নলা আৰু পদপথ নিৰ্মাণৰ ক্ষেত্ৰত আঁসোৱাহ থাকি যোৱাৰ বাবেই সামান্য এজাক বৰষুণেই পথটো বুৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই ৷ এজাক বৰষুণ দিলেই প্ৰায় 10ৰ পৰা 12 দিনলৈ পথটো পানীতেই বুৰি থাকে বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই ৰাইজে দুৰ্ভোগ ভুগিবলীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: অসমৰ সীমাত থকা বনাঞ্চলত বেদখল মিজোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.