ETV Bharat / state

মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী পদক্ষেপ - বিৰিঞ্চি কুমাৰ শৰ্মা

43 সংখ্যক ওপজা দিন উপলক্ষে 43 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা 43 টা গছপুলি ৰোপণ ৷ "বৃক্ষ বন্ধু" সন্মানেৰে বিভূষিত প্ৰকৃতিৰ নিৰলস সাধকজনে সোমবাৰে 43 সংখ্যক ওপজা দিনত গ্ৰহণ কৰে ব্যতিক্ৰমী পদক্ষেপ ৷

birthday plantation at Morigaon by nature lover kalpojoyti sandilya
মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী পদক্ষেপ
author img

By

Published : Aug 18, 2020, 8:48 AM IST

মৰিগাঁও, 18আগষ্টঃ মৰিগাঁৱৰ ৰাজপথত 'শাওনৰ এদিন' শীৰ্ষক অনুষ্ঠান আয়োজন মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ৷ যাৰ পৰশত প্ৰাণ পাই উঠে প্ৰকৃতি ৷ আজৰিৰ সময়ত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰি নৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে এই লোকজন । চ'ত-ব'হাগ মাহত বনৰীয়া পক্ষীকুলৰ বংশবৃদ্ধিৰ বাবে কৃত্ৰিম বাঁহ সাজি প্ৰকৃতিপ্ৰেমীসকলক উৎসাহিত কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে সেউজ বিপ্লৱ ৷ এনেদৰে কৃত্ৰিম বাঁহ সাজি দিয়াৰ ফলত বহু পক্ষীয়ে সেই বাঁহবোৰত কণী পাৰি পোৱালি উলিয়াই বংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ।

মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী পদক্ষেপ

উল্লেখযোগ্য যে, "বৃক্ষ বন্ধু" সন্মানেৰে বিভূষিত প্ৰকৃতিৰ নিৰলস সাধকজনৰ সোমবাৰে আছিল 43 সংখ্যক ওপজা দিন । মৰিগাঁও তৰাণি কলবাৰীৰ কবি কল্পজ্যোতি শাণ্ডিল্য ওৰফে হিতেশ শৰ্মা । সদায় ব্যতিক্ৰম চিন্তা-চৰ্চাৰে আগবঢ়া এইজন প্ৰকৃতিপ্ৰেমী যুৱকে "শাওনৰ এদিন" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰি মৰিগাঁও, নগাঁও জিলাৰ পৰা আমন্ত্ৰণ ক্ৰমে অহা বিশিষ্ট কবি, সাংবাদিক, সমাজসেৱক, শিক্ষক-শিক্ষয়ত্ৰী, সামাজিক অনুষ্ঠানৰ বিষয়ববীয়া, শুভাকাংশীক আমন্ত্ৰণ কৰি সকলোকে একোখনকৈ গামোচা, মাস্ক, এটি মহা নিমৰ পুলিৰে আদৰণি জনোৱাৰ লগতে আমন্ত্ৰিত ব্যক্তিসকলৰ জৰিয়তে একোটিকৈ গছপুলি ৰোপণ কৰোৱায় । মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি ভূমিপূজন কৰাৰ পাছতে বাণীবদ্ধ কৰি থোৱা এটি কবিতা শুনাই মূল অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । মৰিগাঁও-জাগীৰোড পথৰ ঘূলিগাঁৱত 43 জোপা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ আৰম্ভ কৰে সদৌ অসম কবি সন্মিলনৰ পত্ৰিকা সম্পাদক মদাৰজ্যোতিয়ে ।

birthday plantation at Morigaon by nature lover kalpojoyti sandilya
মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী পদক্ষেপ

অনুষ্ঠানত ক্ৰমে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি জগদ্বীশ নাথ, বিৰিঞ্চি কুমাৰ শৰ্মা, জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা , চানু গগৈ, ভৱেন চন্দ্ৰ নাথ, দিপাংকৰ নাথ, ভৰত নাথে বৃক্ষ ৰোপন কৰে । ইয়াৰোপৰিও চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা গোহাঁই, অৱসৰ প্ৰাপ্ত প্ৰবক্তা দেবেন দাস, বিশিষ্ট কবি এল.প্ৰদীপ সিংকে প্ৰমুখ্য উপস্থিত শুভাকাংশী সকলে হিতেশ শৰ্মাদেৱক গ্ৰন্থৰ টোপোলাৰে ৪৩ সংখ্যক জন্ম দিনৰ শুভেচ্ছা জনায় ।

লগতে পঢ়কঃ ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.