ETV Bharat / state

মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

author img

By

Published : Jun 16, 2021, 3:04 PM IST

এহেজাৰ টকা উৎকোচ লৈ ৰঙা ঘৰৰ আলহী হ’ব লগা হ’ল মৰিগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ এজন কৰ্মচাৰী ৷ আটকাধীন কৰ্মচাৰীজন কনিষ্ঠ সহায়ক জয়ৰাম দাস বুলি জানিব পৰা গৈছে ৷

anti corruption bureau raid in morigaon
উৎকোচ লৈ ৰঙা ঘৰৰ আলহী মৰিগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ কৰ্মচাৰী

মৰিগাঁও, 16 জুন : মৰিগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ এজন কৰ্মচাৰী শেহতীয়াভাৱে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এহেজাৰ টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল কনিষ্ঠ সহায়ক জয়ৰাম দাস ।
জানিব পৰা মতে, দন্দুৱাৰ লক্ষিত ডেকা নামৰ অৱসৰ প্ৰাপ্ত শিক্ষক এজনৰ জিপিএফ বিল এখনৰ বাবে দাবী কৰিছিল ১৫০০টকা । অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়েও এহেজাৰ টকা ঘৰৰ পৰা আনোগৈ বুলি অভিযোগ দাখিল কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক । ইয়াৰ পিছতে বুধবাৰৰ পুৱাই অভিযান চলাই লোকজনক হাতে লোটে গ্ৰেপ্তাৰৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক শাখাই ৷

উল্লেখ্য যে, শেহতীয়াকৈ আৰক্ষী বিষয়া বন বিষয়াৰ পৰা আদি কৰি বিভিন্ন বিভাগৰ দুৰ্নীতিত নিমজ্জিত বিষযা-কৰ্মচাৰী আৰক্ষীৰ জালত পৰা দেখা গৈছে ৷ মঙলাবাৰেও গুৱাহাটীৰ ভৰলু আৰক্ষীয়ে সোণৰ অবৈধ বেহাত হাত থকাৰ অভিযোগত দুগৰাকী আৰক্ষী উপ পৰিদৰ্শকক আটক কৰিছে ৷

লগতে পঢ়ক: ঋণ ৰেহাইৰ দাবীত বঙাইগাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.