ETV Bharat / state

মাজুলীত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱানৰ অসহযোগ আন্দোলন

author img

By

Published : Mar 1, 2021, 5:19 PM IST

মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক মিছলীয়া আখ্যা দিলে প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱানে ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে বিভিন্ন দাবী জনাই মাজুলীত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰতিবাদ ৷ নিৰ্বাচন বৰ্জনৰ লগতে ইষ্ট কুটুম্বৰ সৈতে অন্য দলত যোগদান কৰাৰ হুংকাৰ প্ৰতিবাদী গৃহৰক্ষী জোৱানৰ ৷

trained home guard association protest in majuli

মাজুলী, 1 মাৰ্চ : চাকৰি নিয়মীয়াকৰণৰ দাবীৰে মাজুলীত প্ৰতিবাদত বহিল প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱান ৷ অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক মিছলীয়া আখ্যা দি সোমবাৰে মাজুলীত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱান সকলে অসহযোগ আন্দোলনৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ সোমবাৰে পুৱা 6 বজাৰ পৰা সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ মাজুলীৰ জোৱান সকলে বিভিন্ন দাবী লৈ জিলা সদৰ গড়মূৰৰ কাছাৰী মৈদানত অসহযোগ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে ৷ 3 মাৰ্চৰ পুৱা 6 বজালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰী গৃহৰক্ষী জোৱান সকলে জানিবলৈ দিছে ৷

নিৰ্বাচন বৰ্জনৰ লগতে ইষ্ট কুটুম্বৰ সৈতে অন্য দলত যোগদান কৰাৰ হুংকাৰ প্ৰতিবাদী গৃহৰক্ষী জোৱানৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা আদায় দিয়াৰ বাবে দাবী উত্থাপন কৰাৰ লগতে গৃহৰক্ষী জোৱান সকলক মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন চিষ্টেম অতি সোনকালে বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে অতি সোনকালে তেওঁলোকৰ দাবী পূৰ্ণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন বন্ধ কৰাৰ হুংকাৰ দিছে ৷ তেওঁলোকৰ দাবী সমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে দাবী উত্থাপন কৰি ইয়াৰ অন্যথা প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ ইষ্ট কুটুম্বৰ সৈতে অন্য দলত যোগদান কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: স্বামীৰ জীৱন বচাবলৈ সন্তানক বিক্ৰী মাতৃৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.