মাজুলী,17 জুলাইঃ মাজুলীৰ গড়মূৰত চোতালতে সৎকাৰ কৰিলে শিক্ষকক। মাজুলীৰ সাহিত্য-সংস্কৃতিৰ অন্যতম সাধক,সমাজকৰ্মী শিক্ষাবিদ,শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ বৈষ্ণৱ,পীতাম্বৰ দেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বেণুধৰ বৰাৰ দেহাৱসান ঘটে। মঙলবাৰে শিক্ষক গৰাকীৰ দেহাৱসানৰ পাচতে শিক্ষাবিদ জনৰ সৎকাৰক লৈ বিমোৰত পৰে পৰিয়ালৰ লোক। চৌদিশে বানে বুৰাই পেলোৱাৰ বাবেই সৎকাৰৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হয়। শেষত উপায়ন্তৰ হৈ পৰিয়ালটোৱে নিজা বাসগৃহৰ চোতালতে সৎকাৰ কৰে শিক্ষক গৰাকীক। আনহাতে,বৰাৰ মৃত্যুৰ খবৰৰ পাচত স্থানীয় বিভিন্ন দল-সংগঠন তথা বিভিন্ন অনুষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জনায় ।
মাজুলীত চোতালতে সৎকাৰ কৰিলে মৃতদেহ - assam news
মঙলবাৰে এগৰাকী শিক্ষকৰ দেহাৱসানৰ পাচতে শিক্ষাবিদজনৰ মৃতদেহ সৎকাৰক লৈ বিমোৰত পৰে পৰিয়ালৰ লোক । চৌদিশে বানে বুৰাই পেলোৱাৰ বাবেই সৎকাৰৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হয়
মাজুলী,17 জুলাইঃ মাজুলীৰ গড়মূৰত চোতালতে সৎকাৰ কৰিলে শিক্ষকক। মাজুলীৰ সাহিত্য-সংস্কৃতিৰ অন্যতম সাধক,সমাজকৰ্মী শিক্ষাবিদ,শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ বৈষ্ণৱ,পীতাম্বৰ দেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বেণুধৰ বৰাৰ দেহাৱসান ঘটে। মঙলবাৰে শিক্ষক গৰাকীৰ দেহাৱসানৰ পাচতে শিক্ষাবিদ জনৰ সৎকাৰক লৈ বিমোৰত পৰে পৰিয়ালৰ লোক। চৌদিশে বানে বুৰাই পেলোৱাৰ বাবেই সৎকাৰৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হয়। শেষত উপায়ন্তৰ হৈ পৰিয়ালটোৱে নিজা বাসগৃহৰ চোতালতে সৎকাৰ কৰে শিক্ষক গৰাকীক। আনহাতে,বৰাৰ মৃত্যুৰ খবৰৰ পাচত স্থানীয় বিভিন্ন দল-সংগঠন তথা বিভিন্ন অনুষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জনায় ।
বাইট 2Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া