ETV Bharat / state

মাজুলীৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা ব্যক্তিক আটক

সামাজিক মাধ্যমত অপমানজনক মন্তব্য কৰা লোক সকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ প্ৰথমে নলবাৰীৰ কথিত ভাষাকলৈ মন্তব্য কৰা যুৱকৰ পিছত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা লোকক আটক কৰিলে আৰক্ষীয়ে ৷

author img

By

Published : Jun 6, 2021, 4:06 PM IST

মাজুলীৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা ব্যক্তি আটক

মাজুলী, 6 জুন : কিছুদিনৰ পূৰ্বে সামাজিক মাধ্যম ফেচবুকত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ বিৰুদ্ধে এক অপমানজনক মন্তব্য কৰিছিল এজন ব্যক্তিয়ে । জানিব পৰা মতে, শিৱসাগৰ জিলাৰ কমলাকান্ত বৰা নামৰ ব্যক্তি গৰাকীয়ে ড৹ গোস্বামীক সামাজিক মাধ্যমত কৰা তুচ্ছ-তাচ্ছিল্যত ক্ষুব্ধ হৈ পৰিছিল মাজুলীবাসী ।

মাজুলীৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা ব্যক্তিক আটক

উল্লেখযোগ্য যে, যোৰহাটৰ এগৰাকী ব্যক্তিৰ গোচৰৰ ভিত্তিত মাজুলীৰ আৰক্ষীয়ে কমলাকান্ত বৰাক গুৱাহাটীৰ পৰা গোচৰ নং 64/21 ত IPC/IT ধাৰাত আটক কৰি শনিবাৰে নিশা মাজুলী লৈ আনে । মাজুলীবাসীৰ দাবী অনুসৰি ধৃত বৰাই সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ ওচৰত ক্ষমা খোজাৰ লগতে ভৱিষ্যতে এনে কাৰ্য নকৰিবৰ বাবে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে ।

লগতে পঢ়ক:বিহালীত বিশ্ব পৰিৱেশ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.