মাজুলী, 7 এপ্ৰিল : মাজুলীৰ বিজেপি কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা বিধায়ক ডাঃ নোমল মমিনৰ সংবাদমেল ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰৰ ইটোৰ পাচত সিটো কামৰ খতিয়ান বিধায়ক তথা মুখপাত্ৰগৰাকীৰ ৷ মাজুলীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বহু কামৰ বাখ্যাও আগবঢ়ালে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷
মাজুলী-নিমাতী সংযোগী দলঙৰ ডিপিয়াৰ প্ৰস্তুতৰ বাবে চৰকাৰে 100 কোটি টকা মুকলি কৰি দিয়াৰ লগতে মাজুলীৰ সুৰক্ষাৰ বাবে অসম তথা ভাৰত চৰকাৰে গ্ৰহণ কৰা আঁচনি, মাজুলীত নিৰ্মাণ হ'বলগীয়া আয়ুৰ্বেদিক চিকিৎসালয়, সাংস্কৃতিক বিশ্ববিদ্যালয়, গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়খন জিলা পৰ্যায়লৈ উন্নীতকৰণ আদিৰ ক্ষেত্ৰত চলি থকা সকলো কামৰ বিৱৰণ দাঙি ধৰিলে বিধায়কগৰাকীয়ে ৷