ETV Bharat / state

Felicitation of brilliant student: মাজুলীৰ কৃতি ছাত্ৰ-ছাত্ৰীক বিধায়ক ভুবন গামৰ সম্বৰ্ধনা - মাজুলীৰ বিধায়ক ভুবন গাম

মাজুলীত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC Exam Result) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত(HS Exam Result) সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক ভুবন গামৰ ৷ অনুষ্ঠানত অসামৰিক সেৱা পৰীক্ষা-২০২১ত ৫০৬ স্থানপ্ৰাপক শিল্পা খনিকৰৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় । শিল্পা খনিকৰে ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতাৰ বিভিন্ন কৌশলৰ বিষয়ে অৱগত কৰে ।

mla-bhuban-gam-felicitation-of-brilliant-student-in-majuli
মাজুলীৰ কৃতি ছাত্ৰ-ছাত্ৰীক বিধায়ক ভূবন গামৰ সম্বৰ্ধনা
author img

By

Published : Jul 14, 2022, 10:02 PM IST

মাজুলী, 14 জুলাই : মাজুলীৰ বিধায়ক ভুবন গামৰ উদ্যোগত বৃহস্পতিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে দুপৰীয়া মিলন সংঘত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰা, যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ শুভলক্ষ্মী ৰাজকুমাৰী, বিশিষ্ট সমাজকৰ্মী বীৰেন শইকীয়াই অংশগ্ৰহণ কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰৰ ওপৰত নম্বৰ লাভ কৰা ৩৫০ জন মেধাৱী ছাত্ৰ-ছাত্ৰীক বিধায়ক ভুবন গামে সম্বৰ্ধনা জনায় । মাজুলীৰ কৃতী ছাত্ৰ-ছাত্ৰীক উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ আটাইতকৈ আকৰ্ষণীয় দিশ আছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ "অসামৰিক সেৱা পৰীক্ষা-২০২১"ত ৫০৬ সংখ্যক স্থানপ্ৰাপক শিল্পা খনিকৰৰ(Civil Services Examination-2021) সৈতে ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় ।

মেধাৱী ছাত্ৰী শিল্পা খনিকৰে প্ৰথমে তেওঁৰ শৈক্ষিক জীৱনৰ সবিশেষ ব্যাখ্যা দাঙি ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগত স্থান লাভ কৰালৈকে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । সভাত শিল্পা খনিকৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত দীৰ্ঘ সময় মত বিনিময় কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত তথ্য প্ৰদান কৰে ৷

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতাৰ বিভিন্ন কৌশলৰ বিষয়ে অৱগত কৰে । আনহাতে শিল্পা খনিকৰক কাষতে পাই আপ্লুত হৈ পৰে ছাত্ৰ- ছাত্ৰীসকল । অনুষ্ঠানত মাজুলীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ মুৰব্বী সকলকো বিধায়ক ভুবন গামে সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত মাজুলীৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : HSLC-HSSLC ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.