মাজুলী, 2 আগষ্টঃ এয়া মাজুলীৰ ভূমি সংৰক্ষণ বিভাগৰ জিলা কাৰ্যালয়ৰ দৃশ্য। বানপানীয়ে জুৰুলা কৰা এই কাৰ্যালয়টোৰ নাই কোনো নিৰ্দিষ্ট বাট-পথ ৷ কাৰ্যালয়টোত নাই কৰ্মচাৰীও কাৰণ ছাৰ সকলৰ হেনো বানপানীৰ বন্ধ৷ অকলে অকলে কাৰ্যালয়টোত বহি থাকিবলৈ আমনি পায় কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল সেয়ে কাৰ্যালয়টো খুলিয়েই গাওঁখনৰ পৰা পাক মাৰি আহে কৰ্মচাৰীসকলে ৷ দিনৰ 11 বাজি 40 মিনিটলৈ বন্ধ থকা মাজুলীৰ এই ভূমি সংৰক্ষণ কাৰ্যালয়টো ক্ৰমাৎ পৰিণত হৈছে পিতনিলৈ ৷ এতিয়া এনেদৰেই চলিছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এই কাৰ্যালয়টো ৷ কিন্তু খবৰ নাই উৰ্ধতম কতৃপক্ষৰ ৷ এনেদৰেই চলি গৈছে চৰকাৰী কাৰ্যালয়সমূহ ৷
দ' পিতনিত পৰিণত মাজুলীৰ ভূমি সংৰক্ষণ কাৰ্যালয় - majuli
দিনৰ 11 বাজি 40 মিনিটলৈ বন্ধ থকা মাজুলীৰ এই ভূমি সংৰক্ষণ কাৰ্যালয়টো ক্ৰমাৎ পৰিণত হৈছে পিতনিলৈ ৷
মাজুলী, 2 আগষ্টঃ এয়া মাজুলীৰ ভূমি সংৰক্ষণ বিভাগৰ জিলা কাৰ্যালয়ৰ দৃশ্য। বানপানীয়ে জুৰুলা কৰা এই কাৰ্যালয়টোৰ নাই কোনো নিৰ্দিষ্ট বাট-পথ ৷ কাৰ্যালয়টোত নাই কৰ্মচাৰীও কাৰণ ছাৰ সকলৰ হেনো বানপানীৰ বন্ধ৷ অকলে অকলে কাৰ্যালয়টোত বহি থাকিবলৈ আমনি পায় কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল সেয়ে কাৰ্যালয়টো খুলিয়েই গাওঁখনৰ পৰা পাক মাৰি আহে কৰ্মচাৰীসকলে ৷ দিনৰ 11 বাজি 40 মিনিটলৈ বন্ধ থকা মাজুলীৰ এই ভূমি সংৰক্ষণ কাৰ্যালয়টো ক্ৰমাৎ পৰিণত হৈছে পিতনিলৈ ৷ এতিয়া এনেদৰেই চলিছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এই কাৰ্যালয়টো ৷ কিন্তু খবৰ নাই উৰ্ধতম কতৃপক্ষৰ ৷ এনেদৰেই চলি গৈছে চৰকাৰী কাৰ্যালয়সমূহ ৷
# কাৰ্যালয়ৰ চৰকাৰি বিষয়াৰ বাবে বানপানী বন্ধঃ
# কাৰ্যালয়ৰ দুৱাৰ খুলি গাঁৱলৈ যাই কৰ্মচাৰীঃ
# আনৰ বাৰিৰে বাট কাৰ্যালয়লৈঃ
# সংৰক্ষণৰ প্ৰয়োজন মাজুলী ভূমি সংৰক্ষণ কাৰ্যালয়ঃ
VO... হয়, ভুল নকৰিব এইটো মাজুলীৰ ভূমি সংৰক্ষণ বিভাগৰ জিলা কাৰ্যালয়েই হয়। কাৰ্যালয় আছে পথহে নাই, দুৱাৰ খোলা আছে চাৰ হতহে নাই। নাই যি নাই পৰুৱা- পিপৰা এটাও নাই। চাৰ হঁতৰ বানপানীৰ বন্ধ, মানুহ আহিবলৈ ৰাষ্টাও নাই, চকিদাৰেনো হামীয়াই কিমান বহি থাকিব গাঁও ফুৰাই ভাল। এৰা, এটা পিতনিৰ ওপৰত এইটো অসম চৰকাৰৰ ভূমি সংৰক্ষণ কাৰ্যালয়। আহ যাহৰ বাবে নাই কোনো পথ আনৰ বাৰিৰেদি এডাল বাঁহৰ সাকো তাকো ধলং পলং। সেয়ে চাৰ সকল কাৰ্যালয় এৰি পলাই পতং। দিনৰ ১১-৪০ বজালৈ নাই বিষয়া কৰ্মচাৰী, চৌকিদাৰ মহৰি।
পাছে বানৰ বন্ধ সামৰি এজন দুজনকৈ সকলো আহিল। চাৰক সুধিলো কলৈ যাই। চাৰে তপৰাই কলে যোৰহাট মাজুলী দুটা ডিষ্টিক চাব লাগে। এইকেইদিন যোৰহাট কাৰ্যালয়তে আছিল।
বাইট-- ৰেঞ্জাৰ।
Body:চাৰৰেই ভাল দিয়কচোন যোৰহাটত নাপালে মাজুলীত আৰু মাজুলীত নাপালে যোৰহাট বুলি কবলৈকে হয়। পাছে ৰাইজে কয় অসম মুলুকত এনে চৰকাৰী কাৰ্যালয় পাবলৈ নাই সংৰক্ষণ কৰা হওঁক। তাতে মুখ্যমন্ত্ৰীৰো সমষ্টি।Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া