মাজুলী, 12 জুলাইঃ
- মাজুলীত জটিল ৰূপত বান পৰিস্থিতি ।
- বৃহস্পতিবাৰৰ আবেলিৰ পৰা ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাত ৫০ খনৰো অধিক গাঁও প্লাৱিত হৈছে ।
- প্ৰতি বছৰৰ দৰেই এইবাৰো শালমাৰ অঞ্চল সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাত খোৱা পানী আৰু খাদ্যৰ সন্ধানত হাহাকাৰ কৰিছে বন্যাৰ্তৰ লোকে ।
- জিলা প্ৰশাসনৰ ফালৰ পৰা বৃহস্পতি বাৰে বানৰ কৱলত পৰা ভকত চাপৰি, বামুণগাঁও, পুৰণিসত্ৰ, শালমৰা আৰু খাৰজানপাৰ এলেকাত বন্যাৰ্ত সকলৰ মাজত ২৭৬.২৪৬ কুইণ্টল চাউল, ৫২.২২৮ কুইণ্টল দাইল আৰু ১৫.৩৭ কুইণ্টল নিমখ বিতৰণ কৰে ।
- প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে মাজুলীত ১৬৬৮ হেক্টৰ কৃষিভূমি বানৰ কবলত আছে ।
- ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপজ্জনক হৈ থকাৰ সূত্ৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগে আজি মাজুলী-যোৰহাট (নিমাতীঘাট) সংযোগী ফেৰীসেৱা বন্ধ ৰাখিছে ।