মাজুলী,7 নৱেম্বৰঃ ক্ৰমাৎ যেন হেৰাই গৈছে সোণালী ধাননীৰ লগত সোণালী শৈশৱৰ সমন্ধ । বিশ্বায়নৰ যুগত বিজ্ঞানৰ জয় যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক পঢ়াৰ লগতে স্মাৰ্ট ফোন আৰু লেপটপ কম্পিউটাৰ মাজত সীমাবদ্ধ নাৰাখি অসমৰ বাতাবৰণ, সংস্কৃতি তথা পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টা কৰিছে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনে ৷
বিজ্ঞানৰ যুগত গ্ৰামাঞ্চলৰ কৃষি সঁজুলী সমূহো হেৰাই যোৱাৰ উপক্ৰম হৈছে ৷ ক্ৰমাণ্বয়ে কমি গৈছে বিৰিয়া, ওখোন, নাঙল, ডলিমৰিয়া আদিৰ ব্যৱহাৰ ৷ সেয়ে অসমীয়া পৰম্পৰাৰ সৈতে নৱ প্ৰজন্মক চিনাকী কৰাই দিয়াৰ মানসেৰে ধানদোৱা, লেচেৰি বুটলা, ডাঙৰি কঢ়িওৱা, আদি কাম সমূহৰ সৈতে পৰিচয় কৰাই দিবৰ বাবে প্ৰয়াস কৰিছে বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত আঘোণৰ পথাৰত কণ কণ শিশু সকল এতিয়া এনেদৰে পৰিচিত হৈছে সোণালী ধাননি দৰাৰ লগতে কৃষি আনুসংগিক সঁজুলীৰ সৈতে ।