ETV Bharat / state

Underwater Hydrocarbon Pipeline: ব্ৰহ্মপুত্ৰৰ তলেৰে সম্পূৰ্ণ হ’ল এছিয়াৰ সৰ্ববৃহৎ হাইড্ৰ'কাৰ্বন পাইপলাইন

author img

By

Published : Apr 23, 2023, 10:14 AM IST

এছিয়াৰ সৰ্ববৃহৎ ব্ৰহ্মপুত্ৰৰ তলেৰে পানীৰ তলৰ হাইড্ৰ'কাৰ্বন পাইপলাইন সম্পূৰ্ণ কৰিলে আইজিজিএলেআই.জি.জি.এলে ৷ যোৰহাট আৰু মাজুলী সংযোগ কৰি পথালি দিশত ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য পানীৰ চেনেলত ৪০৮০ মিটাৰ দৈৰ্ঘ্যৰ এইচডিডি পদ্ধতিৰ দ্বাৰা শক্তিশালী ব্ৰহ্মপুত্ৰ নদীৰ তলত প্ৰত্যাহ্বানমূলক 24 ইঞ্চি ব্যাসৰ হাইড্ৰ'কাৰ্বন পাইপলাইন নিৰ্মাণ কৰি উত্তৰ-পূব গেছ গ্ৰীড প্ৰকল্পত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি সম্পূৰ্ণ কৰাৰ লগতে এক অভিলেখ স্থাপন কৰিছে (Underwater hydrocarbon pipeline across Brahmaputra) ৷

Underwater hydrocarbon pipeline across Brahmaputra
মাজুলীত আন এক অভিলেখ
ব্ৰহ্মপুত্ৰৰ তলেৰে সম্পূৰ্ণ হ’ল এছিয়াৰ সৰ্ববৃহৎ হাইড্ৰ'কাৰ্বন পাইপলাইন

মাজুলী, 23 এপ্ৰিল: মাজুলীৰ পৰা আন এক অভিলেখ ৷ এছিয়াৰ সৰ্ববৃহৎ ব্ৰহ্মপুত্ৰৰ তলেৰে পানীৰ তলৰ হাইড্ৰ'কাৰ্বন পাইপলাইন সম্পূৰ্ণ কৰিলে আইজিজিএলেআই.জি.জি.এলে ৷ যোৰহাট আৰু মাজুলী সংযোগ কৰি পথালি দিশত ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য পানীৰ চেনেলত ৪০৮০ মিটাৰ দৈৰ্ঘ্যৰ (এইচডিডি) পদ্ধতিৰ দ্বাৰা শক্তিশালী ব্ৰহ্মপুত্ৰ নদীৰ তলত প্ৰত্যাহ্বানমূলক 24 ইঞ্চি ব্যাসৰ হাইড্ৰ'কাৰ্বন পাইপলাইন নিৰ্মাণ কৰি উত্তৰ-পূব গেছ গ্ৰিড প্ৰকল্পত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি সম্পূৰ্ণ কৰাৰ লগতে এক অভিলেখ স্থাপন কৰিছে (Underwater hydrocarbon pipeline across Brahmaputra) ৷

বাৰিষাৰ বৰষুণ আৰু বানপানীৰ ফলত হোৱা সকলো বাধা অতিক্ৰম কৰি, আই.জি.জি.এল-এ এই একক এইচ.ডি.ডি ক্ৰছিং সফলতাৰে সম্পূৰ্ণ কৰে ৷ যিয়ে এছিয়াত ২৪ ইঞ্চি আৰু অধিক আকাৰৰ আৰু বিশ্বৰ দ্বিতীয় দীঘল হাইড্ৰ'কাৰ্বন পাইপলাইনৰ দ্বাৰা আটাইতকৈ দীঘল নদী পাৰ কৰাৰ অভিলেখ স্থাপন কৰে (Asia's largest underwater hydrocarbon pipeline) ৷

ব্ৰহ্মপুত্ৰত এইচ.ডি.ডি সম্পূৰ্ণ হোৱাৰ লগে লগে, আই.জি.জি.এল-এ উত্তৰ-পূব গেছ গ্ৰীড প্ৰকল্পৰ ৭১% ৰো অধিক কামৰ অগ্ৰগতি অৰ্জন কৰিছে আৰু ফেব্ৰুৱাৰী ২০২৪-ৰ ভিতৰত উত্তৰ-পূব গেছ গ্ৰিড গুৱাহাটী-নুমলীগড় শাখা সম্পূৰ্ণ কৰিবলৈ সংকল্পবদ্ধ আৰু নিৰন্তৰ কাম কৰি আছে ৷ এছিয়াৰ দীৰ্ঘতম, বিশ্বৰ দ্বিতীয় বৃহৎ হাইড্ৰ'কাৰ্বন পাইপলাইন ব্ৰহ্মপুত্ৰৰ তলেৰে মাজুলীলৈ হাইড্ৰ'কাৰ্বন পাইপলাইন সম্পূৰ্ণ কৰিছে ইন্দ্ৰধনুষ গ্ৰেছ গ্ৰীড লিমিটেডে (আই.জি.জি.এল.) (Hydrocarbon pipeline across Brahmaputra in Majuli) ৷

ইয়াৰ ফলত উত্তৰ পূব ভাৰতৰ সৈতে ৰাষ্ট্ৰীয় গ্ৰেছ গ্ৰীডক সংযোগ কৰি উত্তৰ-পূৱ গ্ৰেছ গ্ৰীড নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অধ্যায় সূচনা কৰি তুলিছে ৷ বিশাল ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে যোৱা এই পাইপলাইনৰ মুঠ দৈৰ্ঘ্য় ৪০৮০ মিটাৰ ৷ এই পাইপলাইন স্থাপনত দুটা এইচ.ডি.ডি. ৰিগে একে সময়তে ব্ৰহ্মপুত্ৰৰ নদীৰ দুয়োফালৰ পৰা খনন কৰি ব্ৰহ্মপুত্ৰৰ মাজত ৩০ মিটাৰ তলত সংলগ্ন কৰা হৈছে ৷

লগতে পঢ়ক: Death anniversary of Hiteshwar Saikia : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ২৭ তম মৃত্যু বাৰ্ষিকী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.