মাজুলী,13 ডিচেম্বৰ: মাজুলীৰ কমলাবাৰী ফেৰী ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ৷ দেওবাৰে মাজুলী জিলা কংগ্ৰেছৰ উদ্যোগত মাজুলী সদৰ গড়মুৰৰ পৰা সমদল কৰি কমলাবাৰী ফেৰী ঘাটত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে ৷ ইয়াৰ পাচতে বৈদিক নীতি-নিয়মেৰে প্ৰয়াত তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধা জনাই ব্ৰহ্মপুত্ৰৰ বুকুত চিতাভস্ম বিসৰ্জন দিয়ে কংগ্ৰেছৰ কৰ্মী সকলে ৷
উক্ত কাৰ্যসূচীত মাজুলী জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু আৰু তৰুণ গগৈৰ ভাতৃ তথা প্ৰাক্তন সাংসদ দীপ গগৈ উপস্থিত থাকে ৷ ইয়াৰোপৰিও কংগ্ৰেছৰ নেতা ঘন বুঢ়াগোঁহাই সমন্বিতে কেইবা শতাধিক লোকে উক্ত চিতাভস্ম বিসৰ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ বিটিচিৰ নতুন মুৰব্বী প্ৰমোদ বড়োঃমুখ্যমন্ত্ৰী সোণোৱাল