মাজুলী, ২৭ মে': মাজুলীৰ সত্ৰ আৰু নামঘৰ সমূহত এতিয়া নিমাওমাও পৰিৱেশ । নাই কোনো খোল-তালৰ শব্দ । দেশৰ এই জটিল পৰিস্থিতিত কৰ'ণা মহামাৰীয়ে একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে জনজীৱন । সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে ক'ভিডৰ প্ৰভাৱে জুৰুলা কৰি পেলাইছে । ক'ভিডৰ প্ৰভাৱতেই বন্ধ হৈ পৰিল মাজুলীৰ বাৰ্ষিক সবাহ-ভাওঁনাৰ পৰম্পৰা ।
কেৱল কৰ'ণা মহামাৰীৰ বাবে পৰম্পৰাগতভাৱে মাজুলীৰ দুই শতাধিক নামঘৰ আৰু সত্ৰসমূহত উলহ-মালহেৰে উদযাপন কৰা সবাহ-ভাওনা এতিয়া বন্ধ হৈ পৰিল । প্ৰত্যেকৰ ঘৰে-ঘৰে বৰঙণি তুলি উদযাপন কৰে সবাহ-ভাওনা । কিন্তু এতিয়া নাই মাজুলীত সেই পৰিৱেশ । ভাওঁনা বুলি কলেই সত্ৰ আৰু গাৱঁৰ নামঘৰ সমূহত এমাহৰ আগৰ পৰাই আৰম্ভ হয় আখৰা । কিন্তু আজি নামঘৰত শুনিবলৈ পোৱা নাই ভাওঁনাৰ আখৰাৰ বচন । বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে এগছি চাকি, এখনি শৰাই আগবঢ়াবলৈ অহা দেখা গৈছিল । বৰ্তমান সকলো স্তব্ধ হৈ পৰিল এই মহমাৰীৰ বাবে ।
লগতে পঢ়ক: সৰুপথাৰত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ