ETV Bharat / state

ঠাকুৰদলনি-কমলপুৰত ভাওনা সমাৰোহৰ আয়োজন

author img

By

Published : Feb 14, 2021, 2:17 PM IST

৪,৫,৬ আৰু ৭ মাৰ্চত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে । ঠাকুৰদলনি-কমলপুৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত আৰু স্থানীয় ৰাইজৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা ভাওনা সমাৰোহখনৰ আজি মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগস্থলী শ্ৰীশ্ৰীধুৱাহাট-বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ।

নাৰায়ণপুৰৰ ঠাকুৰদলনি-কমলপুৰত ভাওনা সমাৰোহৰ আয়োজন

বিহপুৰীয়া,14 ফেব্ৰুৱাৰীঃ সদৌ অসম ভাওনা শিল্পী সমাজৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নাৰায়ণপুৰৰ ঠাকুৰদলনি-কমলপুৰত ৪,৫,৬ আৰু ৭ মাৰ্চত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহৰ আয়োজন কৰিছে । ঠাকুৰদলনি-কমলপুৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত আৰু স্থানীয় ৰাইজৰ আতিথ্যত অনুস্থিত হ'ব লগা ভাওনা সমাৰোহ খনৰ আজি মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগস্থলী শ্ৰীশ্ৰীধুৱাহাট-বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ।

লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ সাধাৰণ সম্পাদক তুন বৰাই আঁত ধৰা অনুষ্ঠানটিত শিশুসকলৰ গায়ন বায়ন আৰু আয়তীৰ উৰুলি ধ্বনিৰ মাজেৰে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰাৰ পিছতে ভাওনা সমাৰোহ উদযাপন সমিতিৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি কমলা ভড়ালীয়ে । উল্লেখ্য যে, লখিমপুৰ জিলা ভিত্তিত অনুষ্ঠিত কৰিবলৈ লোৱা উক্ত ভাওনা সমাৰোহৰ দিনৰ ভাগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি নিশাৰ ভাগত দৈনিক দুখনকৈ মাতৃভাষাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব ।

আনহাতে, সমাৰোহখনি সাফল্যমণ্ডিত কৰিবৰ বাবে ইতিমধ্যে স্থানীয় খেৰাজখাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড৹ দিলীপ ভূঞাক সভাপতি, শিক্ষক অৰুণ কুমাৰ হাজৰিকাক কাৰ্যকৰী সভাপতি, বিশ্বেশ্বৰ দত্ত, জেনুৰাম হাজৰিকা আৰু মুকুল নেওগক উপ-সভাপতি, ৰাজেন হাজৰিকা আৰু ৰণ্টু বৰাক যুটীয়া সাধাৰণ সম্পাদক, মণ্টু নেওগ, ভাস্কৰ বৰা, দীপ বৰাক সম্পাদক আৰু ৰত্নেশ্বৰ বৰুৱাক কোষাধ্যক্ষ হিচাপে লৈ কেবাখনো উপ-সমিতিসহ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলাইছে । সমাৰোহৰ চাৰিওদিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তথা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ভাওনা শিল্পী সমাজৰ লগতে উদযাপন সমিতিয়ে ।

লগতে পঢ়কঃ কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.