ETV Bharat / state

Social marriage program: লখিমপুৰত ছশ দম্পতীৰ সামূহিক বিবাহৰ আয়োজন - Mass marriage program will be held in Lakhimpur

এখন নহয় দুখন নহয় । একেলগে ছশখন বিবাহ (Mass marriage program will be held in Lakhimpur) । অহা তিনি আগষ্টত এই বিৰল দৃশ্যপট সৃষ্টি হ'ব লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত । আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হ'ব লখিমপুৰৰ আকাশ বতাহ ।

social-marriage-program-will-be-held-at-lakhimpur
লখিমপুৰত ছশ দম্পতীৰ সামূহিক বিবাহৰ আয়োজন
author img

By

Published : Jul 27, 2022, 9:17 PM IST

লখিমপুৰ, 27 জুলাই : এখন নহয় দুখন নহয় । একেলগে ছশখন বিবাহ । অহা তিনি আগষ্টত এই বিৰল দৃশ্যপট সৃষ্টি হ'ব লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত । আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হ'ব লখিমপুৰৰ আকাশ বতাহ (Social marriage program in Lakhimpur) । লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত ছশ দম্পতীৰ সামূহিক বিবাহ উপলক্ষে আগন্তুক তিনি আগষ্টত সৃষ্টি হ'ব উখল-মাখল পৰিবেশৰ ।

লখিমপুৰৰ সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠানৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দ্য হান্স ফাউণ্ডেছনৰ সহযোগত আয়োজন কৰা হৈছে এই সামূহিক বিবাহ অনুষ্ঠান । এই অনুষ্ঠানক কেন্দ্ৰ কৰি বুধবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে বিবাহ সংস্কাৰ সমিতিয়ে এই অনুষ্ঠানৰ উপৰিও জিলাখনত ১৬ আগষ্টত হ'বলগীয়া আন দুটা সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠানৰ বিষয়েও সদৰী কৰে (Mass marriage program in Lakhimpur)।

লখিমপুৰত ছশ দম্পতীৰ সামূহিক বিবাহৰ আয়োজন

ইফালে, সংবাদমেলযোগে উদ্যোক্তা তপন বেজবৰুৱাই সদৰী কৰি কয় যে, এটা দম্পতীক চলিবৰ বাৰে প্ৰাৰম্ভিক যি সুবিধাৰ প্ৰয়োজন তাৰ বাবে প্ৰত্যেকগৰাকী দম্পতীলৈ বিচনা চাদৰ, আঁঠুৱা, বাচন-বৰ্তন ইত্যাদি সামগ্ৰীৰ এটি টোপোলা ফাউণ্ডেছনৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব ৷ আনহাতে, এই বিবাহ সংস্কাৰ অনুষ্ঠানত দ্য হান্স ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপকৰ লগতে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : MLA Pradip Hazarika at paddy field: কঁঠাল খাই-বিহু নাচি পথাৰত হাল বালে বিধায়ক প্ৰদীপ হাজৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.