ETV Bharat / state

প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভালপোৱা দ্বিতীয়জন অৰণ্য মানৱৰ কথাৰে... - প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন

প্ৰকৃতিক ভাল পোৱা এজন প্ৰচাৰ বিমুখ ব্যক্তি ৷ যি গৰাকী ব্যক্তিয়ে নিজ প্ৰচেষ্টাত গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰণ্য (Person has built a small forest in his own efforts)৷ বিগত প্ৰায় ৪ বছৰ ধৰি প্ৰায় ১০ হাজাৰৰো অধিক শিমলু গছক নিজ সন্তানৰ দৰে লালন-পালন কৰি আহিছে ৷ যাদৱ পায়েঙৰ দৰেই তেওঁ দ্বিতীয়জন অৰণ্য মানৱ ৷ পিছে কোন এই দ্বিতীয়জন অৰণ্য মানৱ ? সবিশেষ এই প্ৰতিবেদনত...

Selflessly loves nature
প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভালপোৱা দ্বিতীয়জন অৰণ্য মানৱৰ কথাৰে...
author img

By

Published : Jun 5, 2022, 8:30 PM IST

নাওবৈচা, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day 2022) ৷ আজিৰ এই বিশেষ দিনটোত এটা ভাল লগা খবৰ । এক সেউজীয়া সপোন দেখা এজন প্ৰকৃতিপ্ৰেমী । নিজ হাতে গঢ়িছে তেওঁ এখন অৰণ্য । সন্তানৰ দৰে লালন-পালন কৰিছে ইয়াৰ প্ৰতিজোপা গছ । মানুহজনৰ দুচকুত প্ৰতিনিয়ত উদ্ভাসিত হৈ থাকে এখন সেইজীয়া পৃথিৱীৰ স্বপ্ন ।

প্ৰকৃতি ধ্বংসৰ বিপৰীতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ চেষ্টাত ব্ৰতী হৈছে লখিমপুৰ ঢকুৱাখনাৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ৷ গছ থাকিলেহে মানুহ থাকিব আপ্তবাক্যশাৰীৰ যথাৰ্থ মূল্যায়ণ কৰাৰ আপ্ৰাণ চেষ্টাৰে ব্যক্তিগত প্ৰচেষ্টাত গঢ় দিছে এখন শিমলু গছৰ বাগান ৷ এচাম দুস্কৃতিকাৰীয়ে বন ধ্বংস কৰি প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি প্ৰৱল ভাবুকি নমাই আনিছে ৷ তেনে সময়তে গছ-গছনিৰ প্ৰেমত পৰি প্ৰকৃতি ৰক্ষাৰ চেষ্টা চলাইছে ঢকুৱাখনাৰ এইজন ব্যাক্তিয়ে ।

Selflessly loves nature
প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভালপোৱা দ্বিতীয়জন অৰণ্য মানৱৰ কথাৰে...

নাম তেওঁৰ যোগেশ দলে (Jogesh Dole Selflessly loves nature)। ঢকুৱাখনাৰ সোৱণশিৰী পঞ্চায়তৰ পাতিৰ চুকৰ যোগেশ দলে নামৰ এইজন ব্যক্তিজনে নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে এখন শিমলু গছৰ অৰণ্য । প্ৰায় ১০ বিঘা ভূমিত এজোপা-দুজোপাকৈ শিমলুৰ গছপুলি ৰোপণ কৰি গঢ়ি তুলিছে এইখন বৃহৎ অৰণ্য । সন্তানৰ দৰে লালন-পালন কৰে প্ৰতিজোপা গছক ।

বিগত ৪ বছৰত তেওঁ ৰোপন কৰিছে ১০ হাজাৰৰো অধিক শিমলুৰ পুলি । বৰ্তমান ১৫-২০ ফুট উচ্চতা হোৱা শিমলুৰ বাগিছাখনত যোগেশ দলে নামৰ প্ৰচাৰ বিমুখ এইজন ব্যক্তিৰ সপোনে ঠন ধৰি উঠিছে । যিটো সময়য়ত এচাম দুষ্কৃতিকাৰীয়ে গছ-গছনিসমূহ কাটি বন ধ্বংসযজ্ঞত নামি পৰিছে তেনে সময়তে গছ-গছনিৰ প্ৰতি থকা মৰমে যোগেশ দলেয়ে প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

দ্বিতীয়জন অৰণ্য মানৱৰ কথাৰে

প্ৰকৃতিৰ প্ৰতি দায়িত্বশীল মনৰ অধিকাৰী যোগেশ দলেৱে সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে । যদিহে ব্যক্তিগৰাকীক চৰকাৰীভাৱে কিছু সা-সুবিধা প্ৰদান কৰা হয়, তেন্তে নিশ্চিতভাৱে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত কিছু পৰিমাণে আগভাগ ল'ব পাৰিব ব্যক্তিগৰাকীয়ে ৷

লগতে পঢ়ক : এটি দম্পতীৰ হাতত ঠন ধৰি উঠা শিৱসাগৰৰ এখন বিশেষ অৰণ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.