ETV Bharat / state

বানৰ পিছত কৃষিভূমিত চৰহা পোকৰ তাণ্ডৱ

author img

By

Published : Sep 5, 2020, 6:38 PM IST

কৃষিকৰ্মকে একমাত্ৰ জীৱিকা হিচাপে গ্ৰহণ কৰি অহা এইসকল দুৰ্ভগীয়া কৃষকৰ ওপৰত এই পৰ্যন্ত সদয় নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ খবৰ লবলৈ আহৰি নাই মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৷

saraha attacked in paddy filed
বানৰ পিছত কৃষিভূমিত চৰহা পোকৰ তাণ্ডৱ

বিহপুৰীয়া, 5 ছেপ্টেম্বৰ : বাৰিষাৰ ভয়াবহ বান, খহনীয়াৰ পিছত এইবাৰ নাৰায়ণপুৰৰ কৃষিভূমিত চলিছে চৰহা পোকৰ তাণ্ডৱ । নাৰায়ণপুৰৰ দৈশিঙিয়াবড়ি পথাৰত চৰহা পোকৰ আক্ৰমণত জ্বলি শুকাই গৈছে বিঘাই বিঘাই সেউজীয়া শালি ধানৰ খেতি । ভুতৰ ওপৰত দানহ পৰাৰ পিছত ধূসৰ ভৱিষ্যতৰ কথা ভাবি মুৰে-কপালে হাত দিছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষক সকলে । কৃষিকৰ্মকে একমাত্ৰ জীৱিকা হিচাপে গ্ৰহণ কৰি অহা এইসকল দুৰ্ভগীয়া কৃষকৰ ওপৰত এই পৰ্যন্ত সদয় নাই বিভাগীয় কৰ্তৃপক্ষৰ৷ খবৰ ল'বলৈ আহৰি নাই মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৷

বানৰ পিছত কৃষিভূমিত চৰহা পোকৰ তাণ্ডৱ
নিৰ্বাচনক কেন্দ্ৰ কৰি কৃষি বিপ্লৱৰ ঢাকঢোল বজোৱা বিয়াগোম বিভাগটোৰ কৰ্মৰ নমুনাৰ সাক্ষৰ বহন কৰিছে নাৰায়ণপুৰৰ কৃষিভূমিৰ দৃশ্যসমূহে ৷

লগতে পঢ়ক : দক্ষিণ হাইলাকান্দিত চৰকাৰী কনিষ্ঠ অভিযন্তাক প্ৰাণে মৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.