ETV Bharat / state

গণৰাজ্য দিৱসত নাওবৈচাত চাইকেল প্ৰতিযোগিতা

author img

By

Published : Jan 26, 2021, 4:46 PM IST

৭২ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি নাওবৈচাত চাইকেল প্ৰতিযোগিতা । নাওবৈচাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন 'পাঞ্চজন্য'ৰ উদ্যোগত নাওবৈচা সমষ্টি উন্নয়ন সমিতিৰ সহযোগত এই প্ৰতিযোগিতা আয়োজন কৰা হয় ।

গণৰাজ্য দিৱসত নাওবৈচাত চাইকেল প্ৰতিযোগিতা
গণৰাজ্য দিৱসত নাওবৈচাত চাইকেল প্ৰতিযোগিতা

নাওবৈচা , ২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচাটো বিভিন্ন কাৰ্যসূচীৰে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । নাওবৈচাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন 'পাঞ্চজন্য'ৰ উদ্যোগত নাওবৈচা সমষ্টি উন্নয়ন সমিতিৰ সহযোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এক চাইকেল প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই চাইকেল প্ৰতিযোগিতা অঞ্চলটোৰ মাজেৰে প্ৰায় ২৫ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সামৰণি পৰে ।

নাওবৈচা সমষ্টিৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতাত । প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ চাইকেল আৰোহীৰ খিতাপ দখল কৰে দুষ্মন্ত মৰাঙে । আনহাতে প্ৰতিযোগিতাখনত আন দহ গৰাকী চাইকেল আৰোহীক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয় । প্ৰতিযোগিতাখনত 'পাঞ্চজন্য'ৰ বিষয় ববীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :গোলাঘাটত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চন্দন ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.