ETV Bharat / state

Bhupen Bora visits flood victims: বন্যাৰ্তৰ কাষত ৰৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ভূপেন বৰাৰ - Assam flood 2023

জেপি নাড্ডাৰ সভাত জনতাৰ সংখ্য়া সেৰেঙা হোৱা বিষয়টোক লৈ বিজেপি দলক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ৰাইজে বিজেপিৰ বিৰুদ্ধে মৌন প্ৰতিবাদ আৰম্ভ কৰা বুলি মন্তব্য সভাপতিগৰাকীৰ ৷

People starts silent protest against BJP
APCC president Bhupen Bora
author img

By

Published : Jun 19, 2023, 4:37 PM IST

APCC president Bhupen Bora

লখিমপুৰ, 19 জুন: সোমবাৰে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিত উপস্থিত বৈ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সমষ্টিটোৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে ৷ শিঙৰা নদীৰ প্ৰলয়ংকৰী বানে ছিঙি নিয়া মথাউৰি পৰ্যবেক্ষণৰ পিচতে বানবিধ্বস্ত শ’লমৰীয়া, কোঁৱৰপুৰ, কলাখোৱাৰ বানপীড়িত লোকৰ কাষত উপস্থিত হৈ ক্ষয়-ক্ষতি তথা অভাৱ-অভিযোগৰ বুজ লয় দলটোৱে । বন্যাৰ্তৰ কাষত থিয় হৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ভূপেন বৰাই ৷

তেওঁ কয়, ‘‘অসমত এতিয়া সকলোতকৈ মানুহৰ চকু পানীৰ মূল্য কমিছে । চৰকাৰখনে চকুপানীৰ মূল্য বুজা নাই । বানাক্ৰান্তক মাথোঁ 9 দিনৰ বান সাহায্য দিয়া হৈছে । খিলঞ্জীয়াৰ দুখত দুখী হ’ব নোৱাৰা চৰকাৰখনৰ যদি অকণমানো জাতি-মাটিৰ কথা কোৱাৰ নৈতিক ইচ্ছা আছে, তেন্তে দুৰ্দশাগ্ৰস্ত বন্যাৰ্তৰ কাষলৈ আহক ।’’ প্ৰদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ নেতৃত্বত যোৱা দলটোৱে ৰাহুল গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি সোমবাৰে বানাক্ৰান্তৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ অতি সোনকালে ক্ষতিপূৰণৰ বাবে চৰকাৰক দাবী জনাব বুলি বন্যাৰ্তক আশ্বাস দিয়ে ভূপেন বৰাই ৷

ইফালে দেওবাৰে শিৱসাগৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ জনসভাত উপস্থিতি সেৰেঙা হোৱা সন্দৰ্ভতো গেৰুৱা দলটোক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে, বিজেপিৰ প্ৰতাৰণা, প্ৰৱঞ্চনা, প্ৰলোভনৰ কথা এতিয়া অসমৰ মানুহে চকুমুদি শুনি থাকিবলৈ বাধ্য নহয় । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বেলেগ ঠাইতকৈ অসমত মূল্যবৃদ্ধি কম বুলি ৰাজহুৱা সভাত মন্তব্য কৰাৰ পাচতে ৰাইজে সভা ত্যাগ কৰে বুলি মন্তব্য কৰে বৰাই ।

ভূপেন বৰাই লগতে কয় যে, অসমৰ ৰাইজে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ সভা ত্যাগ কৰা এই ভয়ংকৰ উদাহৰণ দলটোৱে বুজি পোৱা উচিত । ৰাইজৰ বিজেপিৰ প্ৰতি আস্থা হেৰাইছে । বিজেপিৰ প্ৰতাৰণা, প্ৰলোভন, প্ৰৱঞ্চনাই সীমা চেৰাই গৈছে । যাৰ বাবে ৰাইজে বিজেপিৰ সভা ত্যাগেৰে মৌন প্ৰতিবাদ জনাইছে ।

লগতে পঢ়ক: Flood in Assam : নলবাৰীত মৰাপাগলাদিয়াৰ বান্ধ ছিগি বানে চলালে ধ্বংসলীলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.