ETV Bharat / state

নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি : হত্যাকাৰীক ফাঁচীৰ দাবী - ভূমি বিবাদ সংক্ৰান্তত হত্যাকাণ্ড নাওবৈচাত

নাওবৈচাত হত্যাকাৰী ফাঁচীৰ দাবীৰে আৰক্ষী চকী ঘেৰাও পাঁচ শতাধিক লোকৰ । ককায়েকে ভায়েকক হত্যা কৰা ঘটনাৰ পাচতেই নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৷ হত্যাকাৰী জিতেন নৰহকে ধৰি তিনি পুত্ৰৰ ফাঁচীৰ দাবীত আৰক্ষী চকী ঘেৰাও পাঁচ শতাধিক স্থানীয় ৰাইজৰ ৷

Nowboicha Murder case : People demanded that the culprNowboicha Murder case : People demanded that the culprits be hangedits be hanged
Nowboicha Murder case : People demanded that the culprits be hanged
author img

By

Published : Jul 23, 2020, 6:17 PM IST

নাওবৈচা, 23 জুলাই : লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অধীনষ্ঠ ৰঙাপথাৰ খুন্দু গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । জানিব পৰা মতে, গাঁওখনৰ জিতেন নৰহ নামৰ ব্যক্তিগৰাকীয়ে তিনি পুত্ৰৰে মিলি ভূমি বিবাদ সংক্ৰান্তত যোৱা 22 জুলাইৰ নিশা ভায়েক নবীন নৰহ (ৰঙাচাহাব)ক পৰিকল্পিত ভাৱে হত্যা কৰি ঘৰৰ ওচৰৰ পথাৰতে পেলাই থৈ আহে ।

নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

বুধবাৰে পুৱা এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁওখনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । মৃত নবীন নৰহৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই বুধবাৰে নাওবৈচা আৰক্ষীয়ে গাঁওখনত উপস্থিত হৈ পথাৰৰ পৰা নবীন নৰহৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰাৰ পাছত হত্যাকাণ্ডৰ লগত জড়িত ককায়েক জিতেন নৰহ সহ পুত্ৰ ভোগধৰ নৰহক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে এতিয়াও আন দুজন হত্যাকাৰী পুত্ৰ পলাতক অৱস্থাত আছে । বৃহস্পতিবাৰে গাঁওখনৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাই হত্যাকাৰী জিতেন নৰহৰ লগতে তিনি পুত্ৰৰ ফাঁচী দিয়াৰ দাবীৰে নাওবৈচা আৰক্ষী চকী ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী লোকসকলে হাতে হাতে প্লেকাৰ্ড,বেনাৰ আদি লৈ হত্যাকাৰী জিতেন নৰহক ফাঁচী দিয়ক,কোনো পধ্যেই দোষীক সাৰি যাবলৈ নিদিব,হত্যাকাৰীক ৰেহাই নিদিব,আমাক ন্যায় লাগিবই আদি বিভিন্ন শ্ল'গানেৰে দুই ঘণ্টা জুৰি আৰক্ষী চকী চৌহদ উত্তপ্ত কৰি ৰাখে ।

পিচত নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ নাথে প্ৰতিবাদী লোকসকলক হত্যাকাৰী জিতেন নৰহৰ পৰিয়ালে আইন মতে পাবলগীয়া সকলো শাস্তি পাব আৰু কোনো এজন হত্যাকাৰী সাৰি যাব নোৱাৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত লোকসকল শান্ত হয় । প্ৰতিবাদী লোকসকলে অভিযোগ কৰা মতে হত্যাকাৰী জিতেন নৰহৰ পৰিয়ালে পূৰ্বৰ পৰাই নবীন নৰহৰ সৈতে ভূমি বিবাদক লৈ কাজিয়া কৰি আহিছিল ৷ আনকি বহুবাৰ মৃত্যুৰ ভাবুকিও প্ৰদান কৰিছিল বুলি উল্লেখ কৰে ৷

অৱশেষত যোৱা 22 জুলাইতে নবীন নৰহৰ মাটি-সম্পত্তিৰ লালসাতেই নবীন নৰহক হত্যা কৰে বুলি কয় ৷ লগতে পত্নী নথকা নবীন নৰহক হত্যা কৰাত এতিয়া নবীন নৰহ দুটি পুত্ৰ কন্যাৰ দায়িত্ব কোনে ল’ব তেওঁলোকৰ ভৱিষ্যৎ কি হ’ব বুলি ৰাইজে প্ৰশ্ন কৰাৰ লগতে তেওঁলোকৰ দায়িত্ব জিতেন নৰহ পৰিয়ালে ল’ব লাগিব বুলি দাবী উত্থাপন কৰে ।

ইপিনে নাওবৈচা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা জিতেন নৰহ আৰু পুত্ৰ ভোগধৰ নৰহক শাৰীৰিক পৰীক্ষা কৰাৰ অন্তত এটি গোচৰ ৰুজু কৰি হত্যাকাৰী দুজনক জেল হাজোতালৈ প্ৰেৰণ কৰা লগতে পলাতক আন দুজন হত্যাকাৰীৰ অনুসন্ধানত নামি পৰিছে আৰক্ষী ।

লগতে চাওক-ৰঙিয়াত ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব মুখ্যমন্ত্ৰী : আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.