লখিমপুৰ, 7 মে': লখিমপুৰৰ নাওবৈচা আৰক্ষী থানাৰ সমীপত চুৰিকাণ্ড ৷ লখিমপুৰৰ প্ৰাক্তন বিধায়ক জগত হাজৰিকাৰ ঘৰত দিন দুপৰতে সংঘটিত হয় চুৰিকাণ্ড ৷ মাত্ৰ দুঘন্টা কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিয়ে সোণৰ আ-অলংকাৰসহ নগদ ২০ হাজাৰ টকা ৷
মাতৃ-পুত্ৰ পুৱা চিকিৎসালয়লৈ ওলাই অহাৰ সুযোগতে চোৰে চলাই লুন্ঠণ। মাত্ৰ তিনিমাহৰ ভিতৰতে নাওবৈচা আৰক্ষী চকীৰ অধীনস্থ কেইবাখনো গাঁৱত বহুকেইটা লুটপাতৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷