নাওবৈচা, 8 মে': দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ বৰ্ধিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে ঘোষণা কৰা হৈছে লকডাউন ৷ এইবাৰ এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰা হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ৷
পিছে সমগ্ৰ ৰাজ্যখনত এই লকডাউন নহয় । কেৱল চহৰ অঞ্চলতহে প্ৰযোজ্য হ'ব লকডাউন । অহা ১০ মে’ৰ পৰা ১৭ মে’ লৈ পুৱা ৫ বজাৰপৰা সন্ধিয়া ৫ বজালৈ সাত দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত। ইটানগৰ কেপিটেল ৰিজ'নৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স (ইটানগৰ), নাহৰলাগুণ, নিৰজুলি আৰু বান্দৰদোৱা লৈকে এই লকডাউনৰ প্ৰভাৱ পৰিব । শনিবাৰে সাংবাদিকৰ আগত এই কথা সদৰী কৰে ইটানগৰৰ আইচিআৰৰ ডেপুটি কমিছনাৰ টাল’ পটমে ৷
লগতে পঢ়ক:দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম