লখিমপুৰ, ১৬ জুন : মথাউৰিৰ সুৰক্ষা, খহনীয়াৰ প্ৰতিৰোধ আদিৰ নামত জলসম্পদ বিভাগে কোটি কোটি টকা ব্যয় কৰিলেও আশানুৰূপভাৱে ৰাইজে উপকৃত হোৱা নাই । যাৰ বাবে বহু সময়ত ৰাইজে আস্থা হেৰুৱাই পেলাই চৰকাৰ অথবা বিভাগটোৰ প্ৰতি । লখিমপুৰত এনেদৰেই সোৱণশিৰিৰ খহনীয়া ৰোধত ব্যৰ্থ হোৱা এটা অঞ্চলৰ ৰাইজে অৱশেষত বিভাগৰ প্ৰতি আস্থা হেৰুৱাই পূজা-অৰ্চনাৰে নদীক সন্তষ্ট কৰি গৰা খহনীয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কামনা কৰিছে ।
চৰকাৰ তথা জলসম্পদ বিভাগৰ প্ৰতি আস্থা হেৰাল ৰাইজ ৰ। খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীক পূজা কৰিলে লখিমপুৰৰ এখন গাঁৱৰ ৰাইজে । লখিমপুৰত সোৱণশিৰি নৈৰ প্ৰৱল খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ন-আলি, হালধীয়া আটি, খাবলু, তেলীয়াপথাৰ আৰু পুৰণা ন-আলি গাঁৱৰ ৰাইজ একত্ৰিত হৈ ন-আলি কৈৱৰ্ত চুবুৰিৰ নামঘৰত ঘোষা পাঠ অনুষ্ঠানৰ আয়োজন কৰে । জলসম্পদ বিভাগটোৰ বিষয়া- কৰ্মচাৰীৰ কৰ্মকাণ্ডই অঞ্চলবাসীৰ মোহভংগ কৰাৰ লগতে বিভাগ তথা চৰকাৰৰ ওপৰত হেৰুৱাই পেলাইছে বিশ্বাস ।
ন-আলি ভীমপৰা মথাউৰিৰ খহনীয়া প্ৰতিৰোধৰ নামত বছৰি কোটি কোটি টকা খৰচ কৰি অহাৰ উপৰি বিগত বছৰ এই অংশটোত খহনীয়া প্ৰতিৰোধ, মথাউৰি সবলীকৰণ আৰু নলা খন্দাৰ বাবত ২৭ কোটি টকা পুঁজি আৱণ্টন দিছিল যদিও খহনীয়া প্ৰতিৰোধত জলসম্পদ বিভাগটো যে সম্পূর্ণ ব্যর্থ সেই কথা অঞ্চলবাসীৰ মুখে মুখে । তেলাহীবাসীৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে অনুমোদন দিয়া জলসম্পদ বিভাগৰ এই আঁচনি কাৰ্যতঃ ব্যৰ্থ হোৱাৰ বাবে ৰাইজ অদৃশ্যজনৰ শৰণাপন্ন হ’বলগীয়া হৈছে এইবছৰ । বিভাগটোৰ ব্যৰ্থতাৰ বাবে অঞ্চলটোত চপৰা-চপৰে খহিছে গড়া । নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ । সেয়ে উপায়ন্তৰ হৈ ৰাইজে বৃহস্পতিবাৰে নাম, পূজা আদিৰে নদীক সন্তুষ্ট কৰি খহনীয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কামনা কৰে ।
লগতে পঢ়ক : Brahmaputra River erosion: ডিব্ৰুগড় চহৰলৈ ভাবুকি মাতিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই