ETV Bharat / state

বিতৰ্কিত মন্তব্য়: গ্ৰেপ্তাৰ অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সভাপতিক

author img

By

Published : Jun 30, 2022, 5:35 PM IST

বিতৰ্কিত মন্তব্য়ৰ বাবে গ্ৰেপ্তাৰ অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতিক (Lakhimpur district president of Asomiya Yuva Manch arrest)।লখিমপুৰ নগৰৰ দৈনিক বজাৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য়।

lakhimpur
Controversial comment : বিতৰ্কিত মন্তব্য়ৰ বাবে গ্ৰেপ্তাৰ অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সভাপতি

লখিমপুৰ,৩০ জুন: অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈক গ্ৰেপ্তাৰ (Lakhimpur district president of Asomiya Yuva Manch arrested)। যোৱা নিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিৰঞ্জিত বৰদলৈক (Lakhimpur Sadar police arrest Chiranjit Bordoloi)। আজি তেওঁক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণি অনুসৰি লখিমপুৰ নগৰৰ এখন দৈনিক বজাৰত এজন ব্যৱসায়ীৰ বিৰুদ্ধে তেওঁ কটু বাক্য প্ৰয়োগৰ উপৰি ব্যৱসায়ীগৰাকীয়ে পিন্ধি থকা ধৰ্মীয় টুপি দলিয়াই দিছিল চিৰঞ্জিতে।

ইপিনে,মাথো এদিনৰ পূৰ্বৰ এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে সৃষ্টি হয় তীব্র প্রতিক্রিয়াৰ । সকলো ধৰ্মৰ লোকেই এই ঘটনাক গৰিহণা দি দোষীক শাস্তি বিহাৰ দাবী জনাইছে । সামাজিক মাধ্যমত ঘটনাটোক লৈ এনে প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰি সষ্টম হৈ পৰে লখিমপুৰ আৰক্ষী । নিশাই আৰক্ষীয়ে তৎপৰতাৰে চিৰঞ্জিতক গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰে ।

এই সন্দৰ্ভত সদৰ থানাত পঞ্জীয়ন হোৱা ৩২১/২০২২ নম্বৰৰ আৰু ১৫৩ এ/২৯৫ এ/২৯৮/৫০৪/৫০৫ ধাৰাৰ গোচৰ মৰ্মে চিৰঞ্জিতক জামিন বিহীন ধাৰাত জেললৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ জিলা সচিব প্রধান বিকাশ ভূমিজে উক্ত ঘটনাৰ বাবে চিৰঞ্জিত বৰদলৈ দায়ী বুলি উল্লেখ কৰি এই ঘটনাত সংগঠন জৰিত নহয় বুলি স্পষ্ট কৰি দিয়ে । উক্ত ঘটনাৰ বাবে চিৰঞ্জিত বৰদলৈক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি তেওঁ স্পষ্ট কৰি কয় যে এইখন শংকৰ -মাধৱ -আজান ফকীৰৰ দেশ( State of Shankar-Madhav-Azan Fakir)। ইয়াত কোনো ধৰ্মীয় অসহিষ্ণুতাৰ স্থান নাই বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত শিৱসাগৰত আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.