ETV Bharat / state

Sobansiri Hydroelectric Project : সোৱণশিৰিপৰীয়া ৰাইজলৈ লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাৰ্তা - সোৱণশিৰি প্ৰকল্পৰ টানেল

ইটোৰ পিছত সিটো অঘটনে জোকাৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ এইবাৰ নামনিৰ দিশে নদীখনৰ পানী শুকুৱাত আতংকিত হৈছে ৰাইজ ।

Red alert of Lakhimpur district administration
লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাৰ্তা
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:12 PM IST

লখিমপুৰ, ২৭ অক্টোবৰ:শুকুৰবাৰে সোৱণশিৰি প্ৰকল্পস্থলীত পাহাৰ খহি পৰাৰ ফলত নামনিৰ দিশে নদীখনৰ পানী শুকোৱাত লখিমপুৰৰ লগতে ধেমাজি জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে প্ৰেক্ষাপটত লখিমপুৰ জিলা প্ৰশাসনে বিয়লি এক নিৰ্দেশনা প্ৰকাশ কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । সোৱণশিৰিৰ বক্ষ তৰাং হোৱাৰ পৰিপ্ৰেক্ষিততে লখিমপুৰ জিলা প্ৰশাসনে প্ৰকাশ কৰিছে সতৰ্কবাৰ্তা । শুকুৰবাৰে পাহাৰ খহি সোৱণশিৰি প্ৰকল্পৰ টানেল বন্ধ হৈ পৰাত প্ৰকল্পৰ পৰা নামনিৰ দিশে নদীখনৰ পানী শুকাই নদীৰ বক্ষ ওলাই পৰাত লখিমপুৰ আৰু ধেমাজিত ৰাইজ শংকিত হৈছে ।

Red alert of Lakhimpur district administration
লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাৰ্তা

এই ঘটনাৰ ফলত হঠাৎ আৱদ্ধ জলৰাশি বাগৰি আহি ১৯৫০ ৰ বৰভূঁইকপৰ পাছৰ বিভিষিকাৰ পুনৰাবৃত্তি কৰাৰ শংকা বিয়পি পৰিছে । আনফালে, ভবিষ্যতে ঠুনুকা পাহাৰ খহি প্ৰকল্পটোৱে জলবোমা সদৃশ হৈ উত্তৰ অসমক বিধ্বস্ত কৰাৰ শংকাক গভীৰ কৰি তুলিছে । এই ঘটনাক লৈ ৰাইজৰ মাজত দিনটো তুমুল চৰ্চা চলাৰ সময়তে বিয়লি লখিমপুৰ জিলা প্ৰশাসনে এক সতৰ্কবাৰ্তা প্ৰকাশ কৰে ।

জিলাখনৰ অতিৰিক্ত আয়ুক্ত স্বাক্ষৰিত এই নিৰ্দেশনাত উল্লেখ কৰা মতে, সোৱণশিৰি প্ৰকল্পৰ জলাধাৰ পৰিপূৰ্ণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত প্ৰকল্পৰ নামনিৰ দিশে নদীখনৰ পানী হ্ৰাস পাব । এনে পৰিস্থিতিত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । বিশেষকৈ নিশাৰ ভাগত নদীখনত মাছ ধৰা,সাঁতোৰা, গা ধোৱা, নাও চলোৱা আদি বাৰণ কৰা হৈছে । তদুপৰি ৰাইজক গৰু, ছাগলী, গাহৰি, মেথোন,কুকুৰ আদি পোহনীয়া জীৱ জন্তু নদীখনৰ পৰা আঁতৰত ৰাখিবলৈও আহ্বান জনোৱা হৈছে ।

এই নিৰ্দেশনাটোত অসমৰ্থিত, উৰা বাতৰি আদিৰ পৰা আতংকিত নহ'বলৈ ৰাইজক আহ্বান জনোৱা হৈছে । উল্লেখ্য যে এই নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ নকৰিলেও প্ৰকল্পটোৰ পৰা আৱদ্ধ জলৰাশি হঠাৎ পাৰ ভাঙি বাগৰি আহিলে প্ৰকল্পৰ নামনিৰ দিশে ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ খাতিৰতে জিলাৰ অতিৰিক্ত আয়ুক্তই এই নিৰ্দেশনা জাৰি কৰা হৈছে । উৎপাদন আৰম্ভ নৌহওতেই এতিয়া এনেদৰে এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা এনেদৰে আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Sobansiri Hydroelectric Project : নামনি সোৱণশিৰি প্ৰকল্পৰ সুৰংগৰ ভিতৰত খহিল ছাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.