ETV Bharat / state

মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে - bihu celebration

লখিমপুৰৰ কুটুহীগুৰিবাসী ৰাইজে ভোগালী বিহু উপলক্ষে লগে ভাগে এসাজ খোৱাৰ লগতে আয়োজন কৰিছে ব্যতিক্ৰমী কাৰ্যসূচী ৷

মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিল সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে
মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিল সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে
author img

By

Published : Jan 13, 2020, 10:32 AM IST

লখিমপুৰ, 13 জানুৱাৰীঃ প্ৰতিবাদ-আন্দোলনৰ মাজতে কাইলৈ ভোগালী বিহুৰ উৰুকা ৷ বিহুৰ প্ৰস্তুতিত ব্যস্ত প্ৰতিগৰাকী অসমীয়া ৷ ভোগালী বিহুৰ উৰুকা উপলক্ষে লখিমপুৰৰ কুটুহীগুৰিত প্ৰায় এশ ঘৰ মানুহে একগোট হৈ আয়োজন কৰিছে ভোজ আৰু কিছু ব্যতিক্ৰমী কাৰ্যসূচীৰ ৷

ইতিমধ্যে গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ ৷ উৰুকাৰ নিশা গাঁওবাসীয়ে একেলগে এসাজ খাব এই ব্যতিক্ৰমী ভেলাঘৰত ৷ ইয়াৰ লগতে বিহুৰ দিনা পুৱা সমগ্ৰ গাঁওবাসীয়ে মেজিৰ জুইক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণৰ কথা প্ৰকাশ কৰে ৷

মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে

লগতে পঢ়কঃ মা কামেশ্বৰী আৰু কামেশ্বৰদেৱৰ বিবাহৰ বাবে নীলাচলৰ বুকুত ভক্তৰ পদধূলা

Intro:কা বিৰুধী আন্দোলনে ৰাজ্যৰ পৰিস্হিতি জটিল কৰিলেও অসমীয়াই কাইলৈ পালন কৰিব ভোগৰ ভোগালী বিহু। লখিমপুৰৰ কুটুহাগুৰীৰ ৰাইজে নিৰ্মাণ কৰিছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ।Body:প্ৰতিবাদ আন্দোলৰ মাজতে কালিলৈ ভোগালীৰ উৰুকা। লগে ভাগে এসাজ খোৱাৰ যা যোগাৰত ব্যস্ত প্ৰতিজন অসমীয়া। এইয়া লখিমপুৰৰ দৃশ্য। কুটুহাগুৰীৰ প্ৰায় এশ ঘৰ একগোট হৈ উৰুকাৰ নিশা লগে ভাগে এসাজ খাব ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰ তলত।
বাইট: স্থানীয় ব্যক্তি।
ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পুৰ্ণ হৈছে নিৰ্মাণ কৰা ৰংঘৰৰ আৰ্হিৰ ভেলাঘৰৰ। ডেকা বুঢ়া, জীয়ৰী-বোৱাৰী সকলো এতিয়া ব্যস্ত ভোগালী বিহুক লৈ। পিছে এইবাৰ মেজিৰ তলত ব্যতিক্ৰমী সংকল্প লব ৰাইজে। মেজিৰ তলত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অগ্নিক সাক্ষী কৰি সংকল্প লব সকলোৱে। অব্যাহত থাকিব কা বিৰুধী আন্দোলন।
বাইট: স্থানীয় ব্যক্তি।
Conclusion:অসমীয়া পৰম্পৰা ধৰি ৰাখি কুটুহাগুৰীৰ ৰাইজ এতিয়া সাজু সকলো একত্ৰিত হৈ ৰং ধেমালিৰ মাজেৰে এসাজ খাবলৈ। সকলো আশাবাদী মেজিৰ জুইত নাশ হব ৰাজ্যৰ অশান্ত পৰিস্থিতি।

লখিমপুৰৰ পৰা নীলপৱন সভাপণ্ডিত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.