ETV Bharat / state

Protest in Assam : প্ৰতিবাদী শিক্ষাৰ্থীক প্ৰহাৰ কৰা অভিযোগত ধলপুৰত আছুৰ গৰ্জন - প্ৰতিবাদী শিক্ষাৰ্থীক প্ৰহাৰ কৰা অভিযোগ

প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ (HSLC question paper leak) ৷ নীতি শিক্ষা দিয়া তথা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰা আৰক্ষীক নিলম্বনৰ দাবীত উত্তাল হ’ল নাৰায়ণপুৰৰ ধলপুৰ (Lakhimpur AASU protest)৷

Lakhimpur AASU protest against Assam police
প্ৰতিবাদৰ গৰ্জনিত কঁপিছে এতিয়া ৰাজ্য
author img

By

Published : Mar 20, 2023, 6:51 PM IST

প্ৰতিবাদৰ গৰ্জনিত কঁপিছে এতিয়া ৰাজ্য

বিহপুৰীয়া, 20 মাৰ্চ : প্ৰতিদিনাই প্ৰতিবাদৰ গৰ্জনত কঁপিছে এতিয়া ৰাজ্য (Protest in Assam) ৷ এতিয়াও মাৰ যোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰসংগ (AASU Protest against SEBA) ৷ ইয়াৰ মাজতে আকৌ একাংশ শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ ককৰ্থনাৰ সন্মুখীন হ’ব লগাত পৰিছিল ৷ তাৰ বিৰুদ্ধেও এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ নাৰায়ণপুৰৰ ধলপুৰত সোমবাৰে পুনৰ প্ৰতিবাদত বহিল জিলা ছাত্ৰ সন্থা ৷ প্ৰতিবাদকাৰীৰ দাবী, প্ৰতিবাদী শিক্ষাৰ্থীক হেয় প্ৰতিপন্ন কৰা ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজকুমাৰ পেগুক নিলম্বন কৰক চৰকাৰে ৷ অন্যথা অনাগত সময়ত আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব চৰকাৰৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ পিচতে সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰৰ দিনটোত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰতো ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এদল পৰীক্ষাৰ্থীয়ে ছেবা আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল (HSLC question paper leak) । তাৰে মাজৰ একাংশ প্ৰতিবাদকাৰী ছাত্ৰীক এজন আৰক্ষীয়ে (a+b)2 ৰ সূত্ৰটো সুধিছিল । যাৰ উত্তৰ দিব নোৱাৰাত একাংশ প্ৰতিবাদকাৰী ছাত্ৰীক আৰক্ষী বিষয়াগৰাকীয়ে ৰাজহুৱাকৈ গালি-শপনি পৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক : AASU Protest in Assam : ছেবাৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ গৰ্জন

ইয়াৰোপৰি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰি শাৰীৰিক, মানসিকভাৱে অত্যাচাৰ চলোৱা বুলি আৰক্ষী বিষয়া ৰাজকুমাৰ পেগুৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে এক অভিযোগ উত্থাপন কৰিছিল । ফলত একাংশ ছাত্ৰী ধলপুৰ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল ৷ সেই অভিযোগৰ ভিত্তিতে সোমবাৰে আছু নেতৃত্বই ক’লা পতাকা প্ৰদৰ্শন কৰি লখিমপুৰত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷

ছাত্ৰ-ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰি শাৰীৰিক, মানসিকভাৱে অত্যাচাৰ চলোৱা কাৰ্যক গৰিহণা দিয়াৰ লগতে আৰক্ষী বিষয়া ৰাজকুমাৰ পেগুৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায় প্ৰতিবাদী আছুৰ সদস্যই ৷

লগতে পঢ়ক : HSLC question paper leak: ছেবাৰ বিৰুদ্ধে বিহপুৰীয়াত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.