নাওবৈচা, 4 জুন : শনিবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Lakhimpur Medical College in controversy)৷ নকৈ মুকলি হোৱা লখিমপুৰ মেডিকেল কলেজত কিছুদিন পূৰ্বে গৰ্ভস্থ সন্তানসহ প্ৰসূতিৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনা বুজ ল’বলৈ স্বাস্থ্য মন্ত্ৰীগৰাকী লখিমপুৰত উপস্থিত হয় ৷
নাৰ্চিংহোম মুখী একাংশ অধ্যাপক, চিকিৎসকৰ চূড়ান্ত হেমাহি আৰু অৱহেলা তথা সঠিক ব্যৱস্থাপনা নথকাৰ বাবেই 2 জুনৰ নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গৰ্ভস্থ সন্তানসহ প্ৰসূতি মৃত্যু মুখত পৰিব লগীয়া হৈছিল (Pregnant woman death in Lakhimpur medical college)। এই অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে ৷
লগতে পঢ়ক : জেনেৰেটৰত তেল নাই; লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু
আনকি এই বাতৰি বিভিন্ন সংবাদ মাধ্যমতো ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল ৷
এই ঘটনাৰ সবিশেষ তদন্তৰ বাবে শনিবাৰে পুৱাই চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আনকি এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে হাস্পতাল কৰ্তৃপক্ষৰ সৈতে চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত এক আলোচনাতো মিলিত হয় ৷
লগতে পঢ়ক : লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি