ETV Bharat / state

বিজেপি নহয়,কংগ্ৰেছেহে অসমলৈ আনিব 'Acche Din'!

অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress)ৰ নতুন সভাপতি হিচাপে প্ৰাক্তন কংগ্ৰেছ বিধায়ক ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ক নিযুক্তি দিয়াৰ পাচতে উৎফুল্লিত লখিমপুৰ জিলা কংগ্ৰেছ ৷ এক সংবাদমেলযোগে বৰাৰ নেতৃত্বত বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছে ৰাজ্যত আট্ছে দিন (Acche Din) আনিব বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷

congress pressmeet in lakhimpur
লখিমপুৰত কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Jul 25, 2021, 10:22 PM IST

লখিমপুৰ, 25 জুলাই : লখিমপুৰৰ বিহপুৰীয়া সমষ্টি (Bihpuria Constituency)ৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা দলীয় নেতা ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ক অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress)ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে লখিমপুৰৰ কংগ্ৰেছ মহল ৷ দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বৰাৰ নেতৃত্বত কংগ্ৰেছেহে ৰাজ্যত আট্ছে দিন (Acche Din) আনিব বুলি উৎসাহভৰা মন্তব্য কৰে দলটোৰ নেতা-কৰ্মীসকলে ৷ সংবাদমেলত দলীয় কৰ্মীয়ে কয় যে, অচিৰেই ৰাজ্যত পৰিস্থিতি আৰু উন্নত হ'ব । ক্ষমতাত বিজেপি চৰকাৰ আছে যদিও প্ৰকৃততে চৰকাৰখন কংগ্ৰেছৰহে ৷

মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, কেবিনেট মন্ত্ৰীকে ধৰি প্ৰায়ভাগ মন্ত্ৰীয় কংগ্ৰেছ দলৰ পৰাই যোৱা ৷ মাথো প্ৰতীকটোহে সলনি হৈছে । দলটোৰ নতুন সভাপতি নিৰ্বাচিত কৰাৰ পাচতে মিঠাই বিতৰণ কৰি আনন্দ-উল্লাস প্ৰকাশ কৰে কংগ্ৰেছৰ কৰ্মীসকলে । সম্প্ৰতি দলটোৰ দুৰ্যোগৰ সময়ত ভূপেন কুমাৰ বৰাই দায়িত্ব লোৱাৰ বাবে অচিৰেই দলটো শক্তিশালী হৈ পৰিব বুলি মন্তব্য কৰে দলীয় কৰ্মীসকলে ।

লখিমপুৰত কংগ্ৰেছৰ সংবাদমেল

লগতে তেওঁলোকে ৰাজ্যত যোগ্য নেতৃত্বৰ অবিহনেই ৰাজনৈতিক দল চলি থকা বুলি আক্ষেপ প্ৰকাশ কৰি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছ দল পুনৰ শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে, নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে প্ৰাক্তন বিধায়ক তথা সম্প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন কুমাৰ বৰাক ৷ 2006 আৰু 2011 চনত বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বৰাই৷ শেহতীয়াকৈ ইটিভি ভাৰত (ETV Bharat)ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত এক জটিল সময়ত দলটোৱে তেওঁক অসমত বিৰোধীৰ নেতৃত্ব ল'বলৈ বাচনি কৰিছে বুলি মন্তব্য কৰি দলীয় নেতৃত্বক ধন্যবাদ জনায় নৱ নিযুক্ত সভাপতি ভূপেন কুমাৰ বৰাই ৷

লগতে পঢ়ক : 1 আগষ্টৰ পৰা অ’লা-উবেৰ বৰ্জন ছয় সহস্ৰাধিক কেব চালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.